peepl-small

সুখবৰঃ শীঘ্ৰে আপোনাৰ অঞ্চলত দূৰ হ’ব ম’বাইল নেটৱৰ্কৰ সমস্যা

PUBLISHED:

গুৱাহাটীঃ ম’বাইল নেটৱৰ্কৰ সমস্যাই আপোনাক জ্বলাকলা খুৱাইছে নেকি? আপোনাৰ অঞ্চলৰ ইণ্টাৰনেট স্পীড শামুকীয়া বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন শিক্ষাত অসুবিধা হৈছে নেকি? এই সমস্যা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত নেটৱৰ্কৰ সুবিধা নথকা সকলো ঠাইতে ম’বাইল টাৱাৰ স্থাপন কৰিবলৈ তথ্য আৰু প্ৰযুক্তি বিভাগক নিৰ্দেশনা দিয়া হয়।
এই পদক্ষেপৰ ফলত নেটৱৰ্কৰ অসুবিধা থকা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সমস্যা দূৰ হ’ব বুলি আশা কৰা হৈছে।

Photo: Fundoodata.com

RELATED ARTICLES