peepl-small

৫ ফেব্ৰুৱাৰীত ৰাজ্যত ২৯,৭০০ শিক্ষকক নিযুক্তিঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ লগতে সহস্ৰ যুৱক-যুৱতীৰ জীৱনলৈ আশাৰ ৰেঙণি কঢ়িয়াই অহা ৫ ফেব্ৰুৱাৰীত অসম চৰকাৰে নিযুক্তি দিব ২৯,৭০০ শিক্ষকক। বুধবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষামন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি প্ৰাথমিক বিদ্যালয়ত ৪,৪৯৩ গৰাকী শিক্ষকক নিযুক্তি দিয়া হ’ব।
মাধ্যমিক বিদ্যালয়ত ২,১৩৯ গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ’ব।
মন্ত্ৰীগৰাকীয়ে লগতে তিনিটা প্ৰক্ৰিয়াত শিক্ষক নিযুক্তিৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে । আনহাতে নিৰ্বাচনৰ অধিসূচনাৰ আগতে পুনৰ শিক্ষা বিভাগত নিয়ুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে নিযুক্তি পোৱা শিক্ষকসকলে ১২ বছৰৰ বাবে বদলি হ’ব নোৱাৰিব বিদ্যালয়ৰ পৰা ।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে আজি শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত কৰে এই ঘোষণা-

১৬৯৮খন প্ৰাথমিক বিদ্যালয় প্ৰদেশিকীকৰণ হ’ব । প্ৰাথমিক বিদ্যালয় প্ৰদেশিকীৰণৰ বাবে উপকৃত হ’ব ৩৩০৯গৰাকী শিক্ষক ।

১৫২খন কনিষ্ঠ মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব । এই প্ৰাদেশিকীকৰণৰ ফলত উপকৃত হ’ব ৰাজ্যৰ ২৩০৬ গৰাকী শিক্ষক।

ৰাজ্যখনৰ ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব আৰু ইয়াৰ ফলত ৬৫৮৬ গৰাকী শিক্ষক উপকৃত হ’ব ।

ইয়াৰ লগতে ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ হ’ব। ইয়াৰ ফলত ৩১ গৰাকী শিক্ষক উপকৃত হ’ব ।

আনহাতে, ২৬৬খন হাইস্কুল প্ৰাদেশিকীকৰণ হ’ব ৰাজ্যখনত ।

RELATED ARTICLES