peepl-small

ভেকচিন নল’লে চৰকাৰী কর্মচাৰীয়ে নাপাব জুনৰ দৰমহা

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যিক কর্মচাৰীসকলক ক’ভিডৰ ভেকচিন লোৱাটো নিশ্চিত কৰিবলৈ নির্দেশ দিছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ দুর্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ধাৰা ২২ (২) (বি) আৰু (জে)ৰ অধীনত ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকাৰীৰ অধ্যক্ষ তথা ৰাজ্যৰ মুখ্য সচিব বৰুৱাই ৰাজ্যিক কর্মচাৰীসকলৰ চলিত জুন মাহৰ দৰমহা, পাৰিতোষিক মুকলি কৰি দিয়াৰ পূর্বে সকলো বিভাগীয় মুৰব্বীক কর্মচাৰীসকলে ভেকচিন লোৱাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷

মুখ্য সচিব বৰুৱাই  এক নির্দেশযোগে (এ এছ ডি এম এ ২৪/২০২০/১৫৮) কয় যে ৰাজ্যখনত বর্তমান ক’ভিড আক্রান্ত আৰু পজিটিভিটীৰ হাৰ কিছু জিলাত নিম্নগামী হৈছে যদিও সামগ্রিকভাৱে ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ ৰাজ্যত ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে এতিয়াও যথেষ্ট পদক্ষেপ গ্রহণ কৰিবলগীয়া অৱস্থাত আছে৷ সাম্প্রতিক অৱস্থাত বহু চৰকাৰী চাকৰিয়ালৰ লগতে ঠিকাভিত্তিক আৰু ফিক্সড পে’ত কাম কৰা কর্মচাৰীয়ে ক’ভিডৰ ভেকচিন নোলোৱাটো পৰিলক্ষিত হৈছে৷ স্বাস্থ্য বিভাগে ইতিমধ্যে ব্যাপক হাৰত ভেকচিন প্রদানৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰী কর্মচাৰীসকলক মুখ্য সচিব বৰুৱাই ভেকচিন ল’বলৈ নির্দেশ দিয়ে৷

RELATED ARTICLES