peepl-small

ক’ভিড প্রতিৰোধী ঔষধ উদ্ভাৱনকাৰী বিজ্ঞানীৰ দলত অসমৰ ড০ জুবিলী

PUBLISHED:

গুৱাহাটীঃ ঘাতক ভাইৰাছ ক’ভিড–১৯ৰ বিৰুদ্ধে বিশ্বজুৰি অব্যাহত থকা যুঁজখনত এগৰাকী অগ্রণী সৈনিক ৰূপে উজলি উঠিছে অসম কন্যা ড০ জুবিলী পুৰকায়স্থ৷ অতি শেহতীয়াকৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডি আৰ ডি অ’)–এ ক’ভিড–১৯ প্রতিৰোধী ঔষধ ‘ডি আৰ ডি অ’–২ ডি’ক্সি গ্লুক’জ’ চমুকৈ ২ ডিজি প্রস্তুত কৰি উলিওৱাত সফলতা অর্জন কৰিছে৷ ক’ভিড–১৯সৃষ্ট বিভীষিকাময় পৰিস্থিতিত ডি আৰ ডি অ’ৰ এই ঔষধ স্বাভাৱিকতে আশাৰ বতৰা ৰূপে পৰিগণিত হৈছে চিকিৎসক তথা মাৰাত্মক ভাইৰাছত আক্রান্ত ৰোগীসকলৰ বাবে৷

ডি আৰ ডি অ’ৰ ক’ভিড–১৯ প্রতিৰোধী ঔষধ উদ্ভাৱনৰ আঁৰত আছে বিজ্ঞানীৰ এটা দলৰ নিৰন্তৰ গৱেষণা৷ যিটো বিজ্ঞানীৰ দলৰ অন্যতম সদস্যা হ’ল অসম কন্যা জুবিলী পুৰকায়স্থ৷ কৰিমগঞ্জ জিলাৰ অন্তর্গত তথা ভাৰত–বাংলাদেশ সীমান্তৱর্তী দুর্গম তথা ভিতৰুৱা গাঁও মহিষাসনৰ পৰা ডি আৰ ডি অ’ৰ অন্তর্গত ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছ (আই এন এম এ এছ)লৈ কষ্টসাধ্য যাত্রাৰে আগবঢ়া ড০ জুবিলী পুৰকায়স্থৰ এনে সফলতাত স্বাভাৱিকতে অসমবাসী গৌৰৱান্বিত হৈছে৷ অতি দৰিদ্র পৰিয়ালৰ সন্তান ড০ জুবিলী পুৰকায়স্থই জীৱনৰ বহু ঘাত–প্রতিঘাত নেওচি নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এগৰাকী সফল বিজ্ঞানী ৰূপে৷ অত্যন্ত প্রতিভাশালী অসম কন্যাগৰাকীয়ে ইতিপূর্বে ২০১৮ চনত মলেকিউলাৰ বায়’লজী এণ্ড বায়’ টেকন’লজীত ৱর্ল্ড একাডেমী চেম্পিয়নৰ খিতাপ অর্জন কৰি অসম তথা ভাৰতৰ লগতে সংশ্লিষ্ট বিষয়ত সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

এগৰাকী গৱেষক হিচাপে আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান ডাইৰেক্টৰেট অৱ মলেকিউলাৰ বায়’লজী এণ্ড বায়’ টেকন’লজীৰ ফেল’শ্বিপো অর্জন কৰিছে ড০ জুবিলী পুৰকায়স্থই৷ ডি আৰ ডি অ’ৰ ক’ভিড প্রতিৰোধী ঔষধ ২–ডিজি উদ্ভাৱন সন্দর্ভত বিজ্ঞানীগৰাকীৰ বক্তব্য– ‘ক’ভিড–১৯ক প্রতিৰোধ কৰিবলৈ ডি আৰ ডি অ’ই গঠন কৰা বিজ্ঞানীৰ দলটোৰ সদস্য হোৱাটো মোৰ বাবে অত্যন্ত সৌভাগ্যপূর্ণ৷ পিছে এই ঔষধ আৱিষ্কাৰৰ আঁৰত মূলতঃ দুগৰাকী ব্যক্তিৰ কৃতিত্ব অনস্বীকার্য৷ তেওঁলোক হৈছে আমাৰ হেড অৱ দ্য ডিপার্টমেণ্ট সুধীৰ চামলা আৰু মোৰ জ্যেষ্ঠ সহকর্মী ড০ অনন্ত নাৰায়ণ ভাট৷’ তদুপৰি এগৰাকী বিজ্ঞানী হিচাপে জীৱনৰ এই সাফল্যৰ আঁৰত নিজৰ মাতৃৰ অৱদান আৰু উৎসাহৰ কথা বিশেষভাৱে উল্লেখ কৰিছে ড০ জুবিলী পুৰকায়স্থই৷ উল্লেখ্য যে মহিষাসন গাঁৱতে ১৯৭৯ চনত জন্মগ্রহণ কৰিছিল এইগৰাকী সফল বিজ্ঞানীয়ে৷ তেওঁৰ পিতৃৰ নাম সুদর্শন পুৰকায়স্থ আৰু মাতৃৰ নাম বিনয় কুমাৰী পুৰকায়স্থ৷ পিতৃ সুদর্শন পুৰকায়স্থৰ ইতিমধ্যে বিয়োগ ঘটিছে৷ ভাৰত–বাংলাদেশ সীমান্তৱর্তী অঞ্চলটোত ৪৪নং মহিষাসন প্রাথমিক বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰা ড০ জুবিলী পুৰকায়স্থই পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়৷

ইয়াৰ পাছত তেওঁ কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰি উচ্চ শিক্ষাৰ বাবে নামভর্তি কৰে যোৰহাটস্থিত ৰিজি’নেল ৰিছার্চ লেবৰেটৰীত৷ যাৰ বর্তমান নাম নর্থ–ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী৷ এই প্রতিষ্ঠানখনৰ পৰা পি এইচ ডি লাভ কৰাৰ পাছত ড০ জুবিলী পুৰকায়স্থই ২০০৮ চনত ডি আৰ ডি অ’ৰ তেজপুৰস্থিত ডিফেন্স ৰিছার্চ লেবৰেটৰীত বিজ্ঞানী হিচাপে যোগদান কৰে৷ ২০১৪ চনত তেওঁ তেজপুৰৰ পৰা যাত্রা কৰে নতুন দিল্লীলৈ৷ এইবাৰ তেওঁৰ নতুন কর্মস্থান হয় দিল্লীৰ ডি আৰ ডি অ’ৰ গৱেষণাগাৰ৷ বর্তমান ড০ জুবিলী পুৰকায়স্থ ডি আৰ ডি অ’ৰ অধীনস্থ আই এন এম এ এছৰ এগৰাকী বিজ্ঞানী৷ ক’ভিড প্রতিৰোধী ঔষধ উদ্ভাৱনকাৰী বিজ্ঞানীৰ দলটোৰ অন্যতম সদস্য ড০ জুবিলী পুৰকায়স্থই দেশৰ হকে কাম কৰিবলৈ পাই নিজকে ভাগ্যশালী বুলি মন্তব্য কৰিছে৷ তেওঁ কয়– ‘দেশৰ কাৰণে আৰু কাম কৰিব বিচাৰোঁ৷ মই ভাবোঁ দেশৰ হকে কৰিবলগীয়া আৰু বহু বাকী আছে৷ বর্তমানৰ পৰিস্থিতিত মই সকলোকে ক’ভিড প্রট’কল অতি কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছোঁ৷’ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পিতৃহাৰা ড০ জুবিলী পুৰকায়স্থ সম্প্রতি দিল্লীতে থাকে মাতৃ বিনয় কুমাৰী পুৰকায়স্থৰ সৈতে৷

RELATED ARTICLES