peepl-small

অসমৰ বনকৰ্মীৰ মাহিলী ৰেচন ভাট্টা বৃদ্ধি

PUBLISHED:

গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বৃদ্ধি কৰা হ’ল বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা।

মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কাজিৰঙাত উপস্থিত হৈ বনকৰ্মীয়ে মাহিলী খাদ্যভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অনুসৰি জুন মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা বৃদ্ধি কৰা হৈছে।

ইতিমধ্যে বিভাগীয় জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি টুইটযোগে এই সন্দৰ্ভত কয়, “পশুৰ সুৰক্ষা নিশ্চিত কৰাত বনৰক্ষীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাজিৰঙাত বানপানীৰ প্ৰস্তুতি পৰ্যালোচনাৰ সময়ত, তেওঁলোকৰ ৰেচন ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

এই কথা প্ৰকাশ কৰি সুখী হৈছো যে অহা জুনৰ পৰা ৰাজ্যৰ বনকৰ্মীসকলৰ ৰেচন ভাট্টা প্ৰতি মাহে ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে।”

RELATED ARTICLES