peepl-small

বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ ভৱিষ্যতক লৈ অনিশ্চয়তা

PUBLISHED:

পূর্বে ঠিকাভিত্তিক নিয়োগ কৰা ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ৷ এই বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলৰ চাকৰিৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হ’ব নে নহয়, তাক লৈ এই অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে প্রকাশ কৰা তথ্যত পোহৰলৈ আহিছে এই কথা৷ ১৭৫৪/২০১৫ নম্বৰৰ লেখ আবেদনৰ শুনানিৰ সময়ত শেহতীয়াকৈ ৰাজ্য চৰকাৰে সদৰী কৰা অনুসৰি পূর্বে ঠিকাভিত্তিক নিযুক্তি দিয়া বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলৰ চাকৰিৰ ম্যাদ যোৱা ২৩ মে’ত উকলি গৈছে৷ ইয়াৰ পিছতে এই সদস্যসকলৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ বাবে এন অ’ চি বিচাৰি কেন্দ্রীয় চৰকাৰলৈ কেইবাবাৰো পত্র প্রেৰণ কৰা হৈছে৷ কিন্তু এইক্ষেত্রত বর্তমানলৈ কেন্দ্রীয় চৰকাৰে কোনো ধৰণৰ সঁহাৰি ৰাজ্য চৰকাৰক প্রদান কৰা নাই৷

যাৰ পৰিপ্রেক্ষিতত তেওঁলোকৰ সেৱা ভৱিষ্যতে উপলব্ধ হ’ব নে নহয়, তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ একে সময়তে ৰাজ্য চৰকাৰে প্রকাশ কৰা অনুসৰি এই সদস্যসকলৰ চাকৰিৰ ম্যাদ পুনৰ বৃদ্ধিক লৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ লগে লগে তেওঁলোকক সঠিক দায়িত্ব অর্পণ কৰাৰ ক্ষেত্রতো ৰাজ্য চৰকাৰ সমস্যাৰ সন্মুখীন হৈছে৷ আনকি ইয়াৰ ফলত বিদেশী ন্যায়াধিকৰণসমূহৰ্ পৰিচালনাৰ ক্ষেত্রত প্রয়োজনীয় আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে৷ অৱশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তক বিদেশী ন্যায়াধিকৰণ স্থাপনৰ বাবে স্থান নির্ধাৰণ কৰিবলৈ নির্দেশ দিয়া হৈছে বুলিও উচ্চ ন্যায়ালয়ক অৱগত কৰায়৷ ৬ সপ্তাহৰ ভিতৰতে এইক্ষেত্রত ৰাজ্য চৰকাৰসমূহে উপায়ুক্তসকলৰ পৰা সঠিক তথ্য লাভ কৰিব বুলিও সদৰী কৰে৷

আনহাতে নতুনকৈ নিযুক্তি দিয়া বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে দৰমহা লাভ নকৰা প্রসংগও গুৱাহাটী উচ্চ ন্যায়ালয়ত উত্থাপিত কৰা হয়৷ যোৱা এপ্রিল, মে’ আৰু জুন মাহৰ দৰমহা লাভ কৰা নাছিল সদস্যসকলে৷ এই প্রসংগত ৰাজ্য চৰকাৰে সদৰী কৰা অনুসৰি বিগত এপ্রিল, মে’ আৰু জুন মাহৰ দৰমহা প্রদানৰ বাবে যাৱতীয় প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু দুসপ্তাহৰ ভিতৰত উক্ত তিনিও মাহৰ দৰমহা একেলগে সদস্যসকলক মোকলাই দিয়া হ’ব৷ একে সময়তে পৰৱর্তী সময়ত এই সদস্যসকলক নিয়মীয়াভাৱে তেওঁলোকৰ দৰমহা ৰাজ্য চৰকাৰে আদায় দিব বুলিও চৰকাৰী পক্ষই সদৰী কৰে৷

RELATED ARTICLES