peepl-small

ৰাজেন দাসলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটাঃ ইণ্ডো–গ্ল’বেল চলচ্চিত্র মহোৎসৱ

PUBLISHED:

গুৱাহাটীঃ অসমৰ বিলুপ্তপ্রায় লোক–সংস্কৃতি পুতলা নাচক পুনৰ উজ্জীৱিত কৰাৰ প্রয়াসেৰে পৰিচালক ৰাজেন দাসে নির্মাণ কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ এইবাৰ উজলি উঠিছে মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত৷ চলচ্চিত্রখনে অসমৰ চিনেমা জগতলৈ কঢ়িয়াই আনিছে আন এক শুভবার্তা৷ মুম্বাইত সামৰণি পৰা ২০২০ বর্ষৰ ইণ্ডো–গ্ল’বেল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ‘বর্ষৰ শ্রেষ্ঠ পৰিচালক’ৰ বঁটা৷

অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ বাবে পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে এই বঁটা৷ এইবাৰৰ মুম্বাই ইণ্ডো–গ্ল’বেল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱে ২০২০ বর্ষৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ পাঁচগৰাকী চলচ্চিত্র পৰিচালকক ‘বর্ষৰ শ্রেষ্ঠ পৰিচালক’ৰ সন্মান প্রদান কৰিছে৷ সেই অনুসৰি ‘মানাসানামাহ’ ছবিৰ বাবে ভাৰতীয় পৰিচালক দীপক ৰেড্ডী, আমেৰিকান ‘হ’ম’লেছ ছাল্ম এণ্ড ছালী’ৰ বাবে ইভানছ ক্লার্ক, আর্জেণ্টিনাৰ বিখ্যাত মালেভো ফিল্মছৰ বেনাৰত নির্মিত তথা আমেৰিকাত মুক্তিপ্রাপ্ত চিনেমা ‘এলার্ট ইগ’’ৰ পৰিচালক এজি’ মাছা, পর্তুগীজ চিনেমা ‘লষ্ট ৰেকর্ডছ’ৰ পৰিচালক তিয়াগো পি ডে আৰু ভাৰতীয় তথা অসমৰ চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ২০২০ বর্ষৰ ‘বর্ষশ্রেষ্ঠ পৰিচালক’ৰ বঁটা৷ আনহাতে, বর্ষটোৰ শ্রেষ্ঠ চিনেমা বঁটা লাভ কৰিছে আমেৰিকান পৰিচালক টেড হায়েনছৰ ছবি ‘টিকছ’–এ৷ আজি ইণ্ডো–গ্ল’বেল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱে নিজৰ অফিচিয়েল ৱেৱছাইটত এই বিজয়ীসকলৰ তালিকা প্রকাশ কৰে৷

উল্লেখ্য যে এই চলচ্চিত্র মহোৎসৱত বিশ্বৰ বিভিন্ন দেশৰ প্রায় ২০০খন ছবিয়ে বিভিন্ন শিতানত অংশগ্রহণ কৰিছিল৷ মুম্বাই ইণ্ডো–গ্ল’বেল ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ২০২০ মনোনয়ন লাভ কৰা প্রায় ২০০খন দেশী–বিদেশী পূর্ণদৈর্ঘ্যৰ কাহিনী চলচ্চিত্র, তথ্যচিত্র, চুটি চলচ্চিত্রৰ মাজৰ পৰা এই বর্ষশ্রেষ্ঠ পৰিচালক, বর্ষশ্রেষ্ঠ চলচ্চিত্র বঁটা বাছনি কৰা হৈছে৷ ‘লাইফ ইন এ পাপেট’ চলচ্চিত্রখনৰ লগতে পৰিচালক ৰাজেন দাসলৈ অহা এই সুখবৰে উৎফুল্ল কৰি তুলিছে ৰাজেন দাসৰ ওপজা গাঁও ভালুকীৰ লগতে সমগ্র বজালী অঞ্চলক৷ উল্লেখ্য যে আশা বৰদলৈ, দীপান্বিতা দাস, পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা, হিমাদ্রী শর্মাৰ বাহিৰে চলচ্চিত্রখনত অভিনয় কৰিছে প্রকাশ ঠাকুৰীয়া, ৰিমঝিম শর্মা, প্রিয়ংকা শর্মা, পাহি কলিতা, সোণেশ্বৰ কলিতা, অঞ্জন শর্মা আদিকে ধৰি ভালুকীৰ কোনোদিনে কেমেৰাৰ সন্মুখত আহি নোপোৱা বহুসংখ্যক অখ্যাত শিল্পীয়ে৷ পুতলা নাচক উজ্জীৱিত কৰি নতুন প্রজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ প্রয়াসেৰে আৰু পুতলা নাচৰ শিল্পীয়ে সন্মুখীন হোৱা জীৱন সংগ্রামৰ মর্মস্পর্শী কাহিনীৰে ৰাজেন দাসে ৰচনা আৰু পৰিচালনা কৰা অসমীয়া পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ এই সাফল্য নতুন বছৰত অসমীয়া চলচ্চিত্র জগতৰ বাবে এক অন্যতম ইতিবাচক খবৰ হিচাপে চিহ্ণিত হৈছে৷

RELATED ARTICLES