peepl-small

পূব গুৱাহাটীত কংগ্রেছত প্রার্থিত্বকেন্দ্রিক সংঘাত

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ বিধানসভা নির্বাচনত দলীয় টিকটক লৈ কংগ্রেছত বিদ্রোহৰ সূচনা হৈছে৷ মহাজোঁটৰ অংশীদাৰ দলক আসন এৰি দিয়াত বহুকেইগৰাকী জ্যেষ্ঠ কংগ্রেছ নেতাই সমষ্টি হেৰুৱাবলগীয়া হৈছে৷ প্রার্থিত্বকেন্দ্রিক সংঘাতৰ বাবেই কংগ্রেছৰ অভ্যন্তৰত বিদ্রোহৰ সূচনা হৈছে৷ তৃতীয় পর্যায়ত অনুষ্ঠিত হ’ব লগা ৪০ সমষ্টিৰ ভোটগ্রহণৰ বাবে কংগ্রেছৰ প্রার্থী তালিকা এতিয়াও প্রকাশ পোৱা নাই যদিও প্রার্থিত্বপ্রত্যাশীসক্ সমষ্টিয়ে সমষ্টিয়ে নির্বাচনী প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷

ৰাজ্যৰ অন্যতম সন্মানীয় সমষ্টি হিচাপে বিবেচিত ৫৩নং পূব গুৱাহাটী সমষ্টিতো প্রার্থিত্বপ্রত্যাশীসকলৰ মাজত কেইবাকোণীয়া প্রতিদ্বন্দ্বিতা চলিছে৷ পূব গুৱাহাটী সমষ্টিত কংগ্রেছ দলৰ পাঁচজনকৈ হেভীৱেইট নেতাই প্রার্থিত্ব বিচাৰি আবেদন জনাইছে৷ সমষ্টিটোত জ্যেষ্ঠ কংগ্রেছ নেতা পংকজ বৰবৰা, ৰঞ্জন বৰা, শান্তনু শর্মা, কুশল শর্মা আৰু অসীমা বৰদলৈয়ে প্রার্থিত্ব বিচাৰি প্রদেশ কংগ্রেছৰ শীর্ষ নেতাৰে যোগাযোগ অব্যাহত ৰাখিছে৷ পূব গুৱাহাটী সমষ্টিৰ প্রার্থিত্বক লৈ কংগ্রেছ শিবিৰ কেইবাটাও ভাগত বিভক্ত হৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ৰঞ্জন বৰাক সমষ্টিটোত প্রার্থিত্ব দিয়াৰ বাবে হাইকমাণ্ডক তীব্র হেঁচা প্রয়োগ কৰিছে৷

ইফালে, সাংসদ প্রদ্যুৎ বৰদলৈ আৰু কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াৰ পছন্দৰ প্রার্থী হৈছে অসীমা বৰদলৈ আৰু পংকজ বৰবৰা৷ সমষ্টিটোত এই দুগৰাকী প্রার্থীৰ ভিতৰত এগৰাকীক প্রার্থিত্ব প্রদান কৰিবলৈ হাইকমাণ্ডলৈ বিভিন্ন ধৰণে বার্তা প্রেৰণ কৰিছে৷

ইফালে, সমষ্টিটোৰ প্রার্থিত্ব বিচৰা আটাইকেইগৰাকী প্রার্থীৰ জনপ্রিয়তা আৰু জয়ৰ সম্ভাৱনা নথকাত কংগ্রেছৰ সমষ্টি নিৰীক্ষণ কমিটীয়ে হাইকমাণ্ডক বিষয়টো অৱগত কৰিছে৷ সে

য়েহে প্রার্থিত্ব বিচাৰি আবেদন নকৰাৰ পিছতো সভাপতি ৰিপুণ বৰাৰ অনিচ্ছা সত্ত্বেও নতুনকৈ কংগ্রেছত যোগদান কৰা মীৰা বৰঠাকুৰৰ নামটো প্রার্থিত্বৰ তালিকাত অন্তর্ভুক্ত হৈছে৷

দুই–এদিনৰ ভিতৰতে কংগ্রেছ দলে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রার্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ পূব গুৱাহাটী সমষ্টিত প্রার্থিত্বক লৈ কংগ্রেছত চলি থকা অন্তঃকন্দলে বিভাজনৰ সৃষ্টি কৰি শাসনাধিষ্ঠিত বিজেপি দলৰ প্রার্থীক জয়ৰ সুযোগ দিব বুলিও সর্বত্র চর্চা চলিছে৷ ইফালে, সমষ্টিটোত বিজেপিৰ প্রার্থিত্বৰ প্রবল দাবীদাৰ হৈছে মন্ত্রী সিদ্ধার্থ ভট্টাচার্য৷ দলীয় প্রার্থিত্ব বিচাৰি মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু প্রাক্তন মেয়ৰ মৃগেন শৰণীয়ায়ো আবেদন কৰিছে৷ শেহতীয়াকৈ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সমষ্টিটোত ব্যাপক প্রচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷

RELATED ARTICLES