peepl-small

চিৰাঙত আৰক্ষী বিষয়াৰ দায়িত্ববোধে প্ৰাণ ৰক্ষা কৰিলে ৰোগীৰ

PUBLISHED:

গুৱাহাটীঃ শনিবাৰে নিশা প্ৰায় ৮:৩০ বজাত চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এজন লোকে নিজৰ ম’বাইল ফোনৰ জৰিয়তে আৰক্ষী নিয়ন্ত্ৰণ কক্ষত ফোন কৰি তেওঁ অসুস্থ হৈ পৰা বুলি জনায়। লোকজনে শ্বাস-প্ৰশ্বাসত কষ্ট হোৱা বুলিও জনায়। খবৰ পোৱা মাত্ৰেই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে ছাতিপুৰগাঁৱৰ এল পি জি গেটস্থিত লোকজনৰ বসগৃহৰ সন্মুখত উপস্থিত হৈ চৌহদত প্ৰৱেশৰ চেষ্টা কৰে যদিও জপনাত তলা বন্ধ দেখে।

ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ খবৰৰ ভিত্তিত অসুস্থ লোকজনৰ পদূলিত ১০৮ এম্বুলেঞ্চ আহি উপস্থিত হয়। আৰক্ষীয়ে জপনাত লাগি থকা তলা ভাঙি চৌহদত প্ৰৱেশ কৰে। ১০৮ এম্বুলেঞ্চ খনত পিপিই কিট পৰিধান কৰা একমাত্ৰ চালকজনক ৰোগীক তুলি ধৰিবলৈ অন্য চিকিৎসা কৰ্মী নথকাত সময় নষ্ট নকৰি আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসে নিজেই এম্বুলেঞ্চখনত মজুত ৰখা এটি পিপিই কিট পিন্ধি ঘৰটোত প্ৰৱেশ কৰে। 

অৰ্ধচেতন অৱস্থাত বিচনাত পৰি থকা ৰোগীজনক ৯ বজাৰ পূৰ্বে ততাতৈয়াকৈ এম্বুলেঞ্চত তুলি আৰক্ষী বিষয়া দাসে চালকৰ সৈতে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ৰোগীজনক ভৰ্তি কৰে। চিকিৎসকে অতি কম মাত্ৰাত অক্সিজেন লৈ অৰ্ধচেতন অৱস্থাত জীয়াই থকা ৰোগীজনক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰে। অতি সংকটজনক অৱস্থাত অকলশৰে বিচনাত পৰি থকা ছাদ্দাম হুছেইনক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰা কাৰ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।
চিৰাঙৰ আৰক্ষী অধীক্ষকৰ লগতে বিজনীৰ বিধায়কগৰাকীয়েও প্ৰসেনজিৎ দাসৰ দায়িত্ববোধ আৰু মানৱীয়তাক প্ৰশংসা কৰি সম্বৰ্দ্ধনা জনায়।

RELATED ARTICLES