peepl-small

বিধানসভা চৌহদত উপস্থিত হৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই?

PUBLISHED:

গুৱাহাটীঃ নতুন অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমটো দিনত বিধানসভাৰ চৌহদত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই ব্যক্ত কৰে মনৰ অনুভৱ। পিতৃয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাত আনন্দ প্ৰকাশ কৰে নন্দিলে।

সাংবাদিকৰ প্ৰশ্নত নন্দিল বিশ্ব শৰ্মাই কয় — “স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ প্ৰতি যদি গুৰুত্ব দিয়ে তেতিয়া মোৰ ভাল লাগিব। কাৰণ ব্যক্তিগতভাৱে মই এই দুটা দিশৰ গুৰুত্ব উপলব্ধি কৰোঁ। ক’ভিড-১৯ মহামাৰীৰ সময়ত স্বাস্থ্যখণ্ডৰ কিমান গুৰুত্ব সেয়া আমি সকলোৱে বুজিছোঁ।”

উল্লেখ্য যে ক’ভিডৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজখনক সবল ৰূপ দিয়াৰ উদ্দেশ্যে অলপতে নন্দিলে মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ দুহাজাৰ টকাৰ বৰঙণি আগবঢ়াইছিল।

RELATED ARTICLES