peepl-small

শীঘ্রে অসমৰ পৰৱর্তী মুখ্যমন্ত্রীৰ নাম: জে পি নাড্ডা

PUBLISHED:

গুৱাহাটী: বিধানসভা নির্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ সর্বত্র ব্যাপক চর্চা অব্যাহত আছে৷ বিৰোধী মহাজোঁটক ধৰাশায়ী কৰি পুনৰ ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ মুখ্যমন্ত্রী পদত কোন অধিষ্ঠিত হ’ব, সেয়া চূড়ান্ত নোহোৱাৰ বাবেই বিষয়টোক লৈ ক্রমাৎ উৎকণ্ঠা আৰু আলোচনা বৃদ্ধি পাবলৈ লৈছে৷ ৰাজ্যৰ ৰাজনীতিত পৰৱর্তী মুখ্যমন্ত্রীক লৈ আৰম্ভ হোৱা এনে সকলো চর্চা আৰু জল্পনা–কল্পনাৰ অন্ত পেলাই আজি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ স্পষ্ট ঘোষণা অতি শীঘ্রে দলৰ সংসদীয় ব’র্ডে চূড়ান্ত কৰিব অসমৰ পৰৱর্তী মুখ্যমন্ত্রীৰ নাম৷

উল্লেখ্য যে বিধানসভা নির্বাচনত এইবাৰ ৭৫খন আসন দখলেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে মিত্রজোঁটে৷ নির্বাচনী ঘোষণাৰ ফলাফলৰ পিছত গঠন হ’ব লগা পৰৱর্তী চৰকাৰৰ মুখ্যমন্ত্রীগৰাকী যিহেতু মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিৰ পৰা হ’ব, সেয়েহে দলটোৰ সংসদীয় ব’র্ডেই এই সম্পর্কীয় চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ কিন্তু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা নির্বাচনোত্তৰ হিংসাই গুৰুতৰ ৰূপ লোৱা পশ্চিমবংগত থকা হেতুকে অনুুষ্ঠিত হোৱা নাই সংসদীয় ব’ৰ্ডৰ বৈঠক৷ ইয়াকে লৈ অসমত ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে বুধবাৰে কলকাতাত এখন সংবাদ মেলত অসমৰ প্রসংগ উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে দিল্লীলৈ ওভতাৰ পিছতেই তেওঁ আহ্বান কৰিব সংসদীয় ব’ৰ্ডৰ বৈঠক৷ এই বৈঠকতে অসমৰ পৰৱর্তী মুখ্যমন্ত্রীৰ নাম আৰু পশ্চিমবংগৰ বিৰোধী দলপতিৰ নাম আলোচনাৰ মাধ্যমেৰে চূড়ান্ত কৰি পর্যবেক্ষকৰ জৰিয়তে সংশ্লিষ্ট ৰাজ্য দুখনৰ নেতৃত্বক অৱগত কৰা হ’ব৷

স্মর্তব্য যে বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই পশ্চিমবংগত সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা৷ পুনৰ ক্ষমতালৈ অহা তৃণমূল কংগ্রেছ কর্মীয়ে আক্রমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ কার্যকর্তা আৰু সমর্থকক৷ আনকি বহু বিজেপিৰ সমর্থক তথা কার্যকর্তা পশ্চিমবংগৰ পৰা পলাই আহি অসমৰ সীমামূৰীয়া জিলাত আশ্রয় ল’বলগীয়া হৈছে৷ আজি এই পৰিস্থিতিৰ কথা উল্লেখ কৰি জে পি নাড্ডাই স্পষ্ট কৰে যে নির্বাচনৰ ফলাফলৰ পিছত মুখ্যমন্ত্রী আৰু বিৰোধী দলপতি বাছনি কৰাৰ পৰিৱর্তে দলৰ গুৰুত্বপূর্ণ দায়িত্ব হিচাপে পশ্চিমবংগলৈ অহাটো অত্যন্ত জৰুৰী হৈছিল৷ সেয়েহে সংসদীয় ব’ডৰ বৈঠক অনুষ্ঠিত কৰা তথা অসমৰ মুখ্যমন্ত্রী নির্বাচনৰ ক্ষেত্রত কিছু বিলম্ব হৈছে৷ কিন্তু অতি সোনকালেই সংসদীয় ব’ৰ্ডৰ বৈঠক আহ্বান কৰি এখন গণতান্ত্রিক চৰকাৰক আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰা হ’ব৷ সমান্তৰালভাৱে পশ্চিমবংগত বিৰোধী দলৰ নেতাৰ নামো সংসদীয় ব’র্ডে চূড়ান্ত কৰিব৷ লক্ষণীয় যে এইবাৰ মুখ্যমন্ত্রী পদৰ বাবে সর্বানন্দ সোণোৱালৰ লগতে ব্যাপক চর্চা চলিছে ড০ হিমন্ত বিশ্ব শর্মাৰ নাম৷ এনে অৱস্থাত দলৰ ৰাষ্ট্রীয় নেতৃত্বই অসমৰ পৰৱর্তী হিচাপে কাক প্রক্ষেপ কৰে, সেই বিষয়টো এতিয়া চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ এনে চর্চাৰ মাজতে আজি পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে স্পষ্ট কৰিছে যে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী ৰূপে কাক প্রক্ষেপ কৰে, সেয়া সংসদীয় ব’ডৰ বৈঠকত চূড়ান্ত কৰা হ’ব৷

সংসদীয় ব’ৰ্ডৰ কেন্দ্রীয় নেতৃত্বই মুখ্যমন্ত্রী পদৰ বাবে নাম চূড়ান্ত হোৱাৰ পিছত পর্যবেক্ষকৰ জৰিয়তে অসমৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰিব৷ যিহেতু ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা কলকাতাত আছে, তেওঁ আজি দিল্লীলৈ উভতি যোৱাৰ পিছত কাইলৈ সংসদীয় ব’ডৰ বৈঠক আহ্বান কৰিব পাৰে৷ এই বৈঠকতে মুখ্যমন্ত্রীৰ নাম চূড়ান্ত হ’লে কাইলৈ অথবা পৰহি অসমৰ পৰৱর্তী মুখ্যমন্ত্রীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা হ’ব৷ গতিকে সমগ্র বিষয়টো নির্ভৰ কৰিছে সংসদীয় ব’ডৰ বৈঠকৰ ওপৰত৷ সভাপতি ৰঞ্জিত কুমাৰ দাসে পূর্বেই ইয়াকো উল্লেখ কৰিছিল ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ মাজত এজন হ’ব৷

মন কৰিবলগীয়া যে এইবাৰ নির্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে বিৰোধী মহাজোঁটক সম্পূর্ণৰূপে ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে৷ ইফালে, মুখ্যমন্ত্রীৰ নাম চূড়ান্ত কৰাক লৈ শেহতীয়াকৈ ৰাজ্যত নানান ধৰণৰ বিতর্ক আৰু অপ্রয়োজনীয় চর্চা চলা বুলিও অভিযোগ উঠিছে৷ এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ এক শীর্ষনেতাই প্রকাশ কৰা মতে মুখ্যমন্ত্রী হিচাপে ৰাষ্ট্রীয় নেতৃত্বই কাক প্রক্ষেপ কৰে, সেই বিষয়টোক লৈ দলৰ পৰিৱর্তে একাংশ লোকৰ মাজতহে সর্বাধিক আলোচনা হৈছে৷ বর্তমান চৰকাৰখনৰ কার্যকাল ২৪ মে’তহে অন্ত পৰিব৷ গতিকে শপতগ্রহণ অথবা নতুন মুখ্যমন্ত্রী বাছনিৰ বাবে এতিয়াও যথেষ্ট সময় আছে৷ এনে মন্তব্যৰ বিপৰীতে কিন্তু ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাতো মুখ্যমন্ত্রীৰ পদক লৈ ব্যাপক চর্চা অব্যাহত আছে৷ আজি কলকাতাত জে পি নাড্ডাই কৰা ঘোষণাৰ পিছত কাইলৈৰ দিনটোলৈ যথেষ্ট উৎকণ্ঠাৰে বাট চাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ লগতে ৰাজ্যবাসীয়ে৷ আজি সন্ধিয়া দিল্লীলৈ ওভতা জে পি নাড্ডাই কাইলৈ পুৱাৰ ভাগত অথবা সন্ধিয়াৰ ভাগলৈ সংসদীয় ব’ডৰ বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত কাইলৈ মুখ্যমন্ত্রীৰ নাম চূড়ান্ত হ’লে হয়তো ৭ মে’ত নতুন চৰকাৰে শপতগ্রহণ কৰিব পাৰে৷ অৱশ্যে সকলোখিনি নির্ভৰ কৰিব ৰাষ্ট্রীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত৷

RELATED ARTICLES