peepl-small

কোকৰাঝাৰৰ মৃত দুই কিশোৰীৰ ঘৰত মুখ্যমন্ত্ৰীঃ দ্ৰুত তদন্তৰ নিৰ্দেশ

PUBLISHED:

গুৱাহাটীঃ যোৱা শুকুৰবাৰে কোকৰাঝাৰৰ অভয়াখুটিত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীৰ পৰিয়ালক আশ্বস্ত কৰিবৰ বাবে আজি তেওঁলোকক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ভুক্তভোগী পৰিয়াল দুটাক ড০ শৰ্মাই সমবেদনা জ্ঞাৰন কৰাৰ লগতে মৃত্যুৰ প্ৰকৃত কাৰণ উন্মোচনৰ বাবে দ্ৰুততাৰে ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় — “ঘটনাত কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ পালে চৰকাৰে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব। যদি কিশোৰী দুগৰাকীক আত্মহত্যা কৰিবৰ বাবে কোনোবাই প্ৰৰোচিত কৰিছিল, আৰক্ষীয়ে তাৰ আঁৰৰ কাৰণো বিচাৰি উলিয়াব।”

নাৰী সুৰক্ষাক চৰকাৰে সদায় অগ্ৰাধিকা দিয়াৰ লগতে দৰিদ্ৰ আৰু আৰ্তজনৰ বিৰুদ্ধেও কোনোধৰণৰ অত্যাচাৰ সহ্য কৰা নহ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পৰিয়ালটোক সাক্ষাতৰ সময়ত ড০ শৰ্মাৰ সৈতে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো আৰু কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীও উপস্থিত আছিল।

RELATED ARTICLES