peepl-small

‘টেট’ৰ বাহিৰে আন সকলো চাকৰিৰ পৰীক্ষাতে প্রযোজ্য হ’ব মূল্যায়নৰ প্রমাণ–পত্র

PUBLISHED:

গুৱাহাটীঃ  চলিত বর্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নক লৈ চলি থকা বিতর্কৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে সমগ্র বিষয়টো মানৱীয় দৃষ্টিকোণৰ পৰা চাবলৈ আহ্বান জনাইছে৷ নতুন দিল্লীৰ আছাম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিড পৰিস্থিতিত উদ্ভৱ হোৱা এই সমস্যাক মানৱীয় তথা সামাজিক সমস্যা হিচাপে চিহ্ণিত কৰে৷

বিষয়টোক লৈ সৃষ্টি হোৱা বিভ্রান্তি আঁতৰাই মুখ্যমন্ত্রী ড০ শর্মাই কয়– চলিত বর্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ যি আধাৰত মূল্যায়ন কৰা হ’ব, তাৰ ভিত্তিত সংশ্লিষ্ট ছাত্র–ছাত্রীসকলে কেৱল টেটৰ ক্ষেত্রতহে সমস্যাৰ সন্মুখীন হ’ব৷ অর্থাৎ কেৱল শিক্ষকৰ চাকৰিৰ ক্ষেত্রত সমস্যা থাকিব যদিও আন সকলো চাকৰিৰ বাবে পৰীক্ষাত বহিব পাৰিব এইসকল ছাত্র–ছাত্রীয়ে৷ এ পি এছ চিয়েই হওক, ইঞ্জিনীয়াৰিঙেই হওক কিম্বা ৰে’লৱেৰ চাকৰি– এই সকলো চাকৰিৰ পৰীক্ষাত বহিবলৈ এওঁলোকৰ কোনো সমস্যা নাথাকিব৷

মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, এইবাৰ মেট্ৰিক কিম্বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ যি ফলাফল ওলাব, তাত দেখা যাব সকলোৱে ৯৫ শতাংশকৈ নম্বৰ লাভ কৰিব৷ বাঘবৰ, জনিয়াৰ নিচিনা ঠাইবোৰৰ বিদ্যালয়বিলাকে হয়তো ছাত্র–ছাত্রীসকলক এশ শতাংশ নম্বৰ দিব৷ টেটত মেড্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰৰ যথেষ্ট গুৰুত্ব থকা হেতু এইবাৰৰ ছাত্র–ছাত্রীসকলে অধিক এডভাণ্টেজ লাভ কৰিব৷ ইয়াৰ ফলস্বৰূপে বিগত বর্ষবোৰৰ তথা আগন্তুক সময়ত উত্তীর্ণ হ’বলগীয়া ছাত্র–ছাত্রীসকলে বঞ্চিত হ’ব লাগিব৷ এনে অৱস্থাত এইবাৰ উত্তীর্ণ হ’বলগীয়া ৪ লাখ ছাত্র–ছাত্রীয়েই ৪ লাখ শিক্ষকৰ চাকৰি পাই যাব৷ পুৰণাসকলে উচ্চ ন্যায়ালয়লৈ যাব ইয়াৰ বিৰোধিতা কৰি৷ এয়াতো হ’ব নোৱাৰে৷ সেয়েহে বিকল্প কিবা ব্যৱস্থা গ্রহণ কৰিব লাগিব৷

সদৌ অসম ছাত্র সন্থাৰ সৈতে এই বিষয়ত তেওঁ আলোচনা কৰিব বুলি জানিবলৈ দি এইক্ষেত্রত কাৰোবাৰ যদি কিবা পৰামর্শ থাকে, তেনেহ’লে চৰকাৰে সেয়া বিবেচনা কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আজিৰ সংবাদ মেলত জানিবলৈ দিয়ে৷ তেওঁ পুনৰ কয় যে ‘টেট’ বাদ দি আন যিকোনো চাকৰিৰ পৰীক্ষাত সেয়া তৃতীয়বর্গৰে হওক কিম্বা চতুর্থবর্গৰ– এইবাৰৰ ছাত্র–ছাত্রীসকলৰ মূল্যায়নৰ প্রমাণ–পত্র প্রযোজ্য হ’ব৷ টেটৰ ক্ষেত্রত এইবাৰৰ ছাত্র–ছাত্রীসকলৰ বাবে বিকল্প ব্যৱস্থাৰ সন্ধান কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাৰ তাৎপর্যপূর্ণ বক্তব্য– মোৰ পাঁচটা সন্তান৷ মইতো পাঁচটা সন্তানৰ কথাই ভাবিব লাগিব৷ ড০ শর্মাৰ মতে এজন শিক্ষক মেধাৱী হোৱাটো বাঞ্ছনীয়৷ পিছে এইবাৰৰ ছাত্র–ছাত্রীসকল নপঢ়াকৈ পাছ কৰিব৷ এইবাৰৰ মূল্যায়নৰ ভিত্তিত তেওঁলোক টেটৰ চাকৰি পালে তাৰ পৰা এক সামাজিক সমস্যা সৃষ্টি হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ এইক্ষেত্রত সংবাদ মাধ্যমত যেনেদৰে টুলুঙাকৈ বাতৰি পৰিৱেশন কৰি থকা হৈছে, সেয়া মুঠেই কাম্য নহয় বুলিও তেওঁ উল্লেখ কৰে৷ এইবাৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ বিষয়টো সুকীয়া দৃষ্টিকোণৰ পৰা চাবলৈ মুখ্যমন্ত্রী ড০ শর্মাই শনিবাৰৰ সংবাদ মেলত আহ্বান জনায়৷

RELATED ARTICLES