peepl-small

মুখ্যমন্ত্রী ড০ শর্মাৰ তৎপৰতাত ৩ অসুস্থ শিশুক বাংগালুৰুলৈ প্রেৰণ

PUBLISHED:

গুৱাহাটী: আর্থিক দিনতাই কোঙা কৰা ৩টাকৈ পৰিয়ালৰ মাজত আহিছে এটা ইতিবাচক খবৰ৷ সন্তানৰ চিকিৎসাৰ খৰচ বিচাৰি হাবাথুৰি খোৱা ৰাজ্যৰ ৩টাকৈ পৰিয়ালক আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিলে সকাহ৷ নিউজ লাইভৰ সাংবাদিকৰ নিৰলস প্রচেষ্টা আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত আজি ৩টি শিশুক চিকিৎসাৰ বাবে প্রেৰণ কৰা হ’ব বাংগালুৰুৰ নাৰায়ণা হূদয়ালয় চিকিৎসালয়লৈ৷ স্নেহস্পর্শ আঁচনিৰ জৰিয়তে সম্পূর্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্রদান কৰা হ’ব ৩ শিশুক৷ উল্লেখ্য যে গুৱাহাটীৰ বিষ্ণুপুৰ নিবাসী সঞ্জয় কুমাৰ সাহাৰ ৮ মহীয়া কন্যা স্নিগ্ধা সাহাৰ ৰাজহাড়ৰ তলত দেখা দিয়া ফুটাৰ বাতৰি প্রকাশ পাইছিল নিউজ লাইভত৷ কন্যাৰ ব্যয়বহুল চিকিৎসাৰ খৰচ বিচাৰি হাহাকাৰ কৰিছিল শিশুটিৰ পিতৃ–মাতৃয়ে৷

ইয়াৰ পিছতে শিশুটিৰ যাৱতীয় চিকিৎসাৰ বাবে নিউজ লাইভৰ সাংবাদিকে যোগাযোগ কৰিছিল জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাৰ লগত৷ অৱশেষত নিউজ লাইভৰ সাংবাদিক বিকাশ শর্মাৰ জৰিয়তে শিশুটিক ভর্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷ তাৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কণমানি স্নিগ্ধা সাহাৰ চিকিৎসা বিনামূলীয়া কৰাৰ লগতে বাংগালুৰুলৈ প্রেৰণৰ নির্দেশ দিছিল জি এম চি এইচ কর্তৃপক্ষক৷ অৱশেষত আজি ইণ্ডিগ’ বিমানযোগে এই শিশুটিৰ চিকিৎসাৰ বাবে প্রেৰণ কৰে চৰকাৰে৷ ইফালে বৰপেটাৰ ভেল্লা অঞ্চলৰ বলাই মণ্ডল নামৰ আন এটি শিশুক প্রেৰণ কৰা হয় বাংগালুৰুলৈ৷

ব্রেইন টিউমাৰত আক্রান্ত বলাই মণ্ডলৰো চিকিৎসাৰ খৰচ বিচাৰি হাহাকাৰ কৰিছিল পৰিয়ালবর্গই৷ পৰৱর্তী সময়ত মুখ্যমন্ত্রীৰ হস্তক্ষেপে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এইটো পৰিয়াললৈ৷ একেদৰে পাঠশালাৰ বন্দিতা দেৱী আক্রান্ত হৈছিল এছ এল ই ৰোগত৷ বন্দিতাৰ হার্টত জমা হৈছে পানী৷ তেনে এক জটিল পৰিস্থিতিত বন্দিতাৰো চিকিৎসাৰ বাবে হাহাকাৰ কৰিছিল পৰিয়ালবর্গই৷আজি এই ৩টা পৰিয়ালৰ সদস্যসকলে মনত নতুন আশা লৈ ৰাওনা হয়বাংগালুৰুলৈ৷ যাৱতীয় চিকিৎসাৰ লগতে অহা–যোৱা খৰচ সম্পূর্ণ বিনামূলীয়া কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে তিনি শিশুৰ পৰিয়ালবর্গই৷

RELATED ARTICLES