peepl-small

আজি প্রধানমন্ত্রীৰে বৈঠক মুখ্যমন্ত্রী ড০ শর্মাৰ

PUBLISHED:

গুৱাহাটী: মুখ্যমন্ত্রীৰ দায়িত্ব লাভ কৰাৰ পিছত প্রথমবাৰৰ বাবে দিল্লী ভ্রমণলৈ অহা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব৷ দুপৰীয়া ১২ বজাত ৭ লোককল্যাণ মার্গস্থিত প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত হ’বলগীয়া বৈঠকখন বিশেষ তাৎপর্যপূর্ণ৷

বিধানসভা নির্বাচনৰ পিছত আজি প্রথমবাৰৰ বাবে প্রধানমন্ত্রীয়ে মুখ্যমন্ত্রীক সাক্ষাৎ কৰিব৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্রথমবাৰৰ প্রধানমন্ত্রীক সৌজন্যমূলকভাৱে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰাৰ লগতে ৰাজ্যৰ জ্বলন্ত সমস্যা সন্দর্ভতো আলোচনা কৰিব বুলি ধাৰণা কৰা হৈছে৷

ইপিনে, মুখ্যমন্ত্রীৰ কার্যালয় সূত্রৰ পৰা জানিব পৰা মতে, আজি দিনৰ ১২ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্রীগৰাকীয়ে বিয়লি ৩ বজাত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন, ৪ বজাত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধন আৰু ৫ বজাত কেন্দ্রীয় নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰাৰ কথা৷

জানিব পৰা মতে, ৩ মে’ত মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰি তেওঁৰ দিল্লী ভ্রমণৰ সামৰণি মাৰিব৷ মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা জানিব পৰা মতে, অসমলৈ উভতি যোৱাৰ পূর্বে আজি কিম্বা পৰহি মুখ্যমন্ত্রীগৰাকীয়ে দিল্লীত এখন সংবাদ মেল সম্বোধন কৰিব পাৰে৷

RELATED ARTICLES