peepl-small

বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাৰে বৈঠক ড০ শর্মাৰ

PUBLISHED:

গুৱাহাটী: অসমৰ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছত প্রথমবাৰৰ বাবে দেওবাৰে নতুন দিল্লীত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শর্মা৷ বিয়লি ৩.৩০ বজাত দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্রী ড০ শর্মাই পোনে পোনে বসন্তকুঞ্জত থকা নিজ বাসভৱনলৈ যায়৷ সন্ধিয়া ৭.৩০ বজাত তেওঁ অসম ভৱনলৈ আহে আৰু তাৰ পৰাই নিশা ৮.৫০ বজাত ৭ মতিলাল নেহৰু মার্গত থকা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত উপস্থিত হয়৷

বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীৰ বাসভৱনত প্রায় ৫০ মিনিট সময় কটাই নিশা ৯.৪০ বজাত মুখ্যমন্ত্রী ড০ শর্মা উভতি আহে৷ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছত ড০ শর্মাই সৌজন্যমূলক হিচাপে দেওবাৰে দলৰ ৰাষ্ট্রীয় সভাপতিগৰাকীক সাক্ষাৎ কৰে৷ অহা ২ জুনলৈ নতুন দিল্লীত মুখ্যমন্ত্রী ড০ শর্মা থাকিব৷ এই সময়ছোৱাত মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপৰি উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষকো সৌজন্যমূলক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES