peepl-small

মানৱ সৰবৰাহকাৰীৰ কবলত পৰা পৰিয়ালৰ বাবে চৰকাৰৰ আর্থিক পেকেজ

PUBLISHED:

গুৱাহাটী:  বিশ্ব মানৱ সৰবৰাহবিৰোধী দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰ কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি প্রায় এসপ্তাহ পূর্বে চিৰাং আৰক্ষীয়ে ছিকিমত মানৱ  সৰবৰাহকাৰীৰ কবলৰ পৰা মুক্ত কৰি অনা ৪০টি শিশু আৰু ২গৰাকী যুৱতীৰ সৈতে মত বিনিময় কৰে৷ এই মত বিনিময় অনুষ্ঠানত শিশুসকলক উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাজ কল্যাণ বিভাগ আৰু শিশু কল্যাণ সমিতিৰ সৈতে আলোচনা কৰি অহা তিনি দিনৰ ভিতৰত এই শিশুসকলক বিভিন্ন হোষ্টেললৈ লৈ যোৱা হ’ব আৰু তেওঁলোকৰ শৈক্ষিক দিশৰ উত্তৰণৰ দিশত চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব৷ যিসকল শিশুৱে পিতৃ–মাতৃৰ সৈতে থাকি শিক্ষাগ্রহণ কৰিবলৈ ইচ্ছা প্রকাশ কৰে তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই নিয়াৰ বাবেও চৰকাৰে পদক্ষেপ ল’ব৷

শুকুৰবাৰৰ দিনটোত সমগ্র বিশ্বই মানৱ সৰবৰাহবিৰোধী দিৱস হিচাপে পালন কৰি মানৱ সৰবৰাহৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ–সচেতন কৰি সমাজৰ এই নেতিবাচক বিষয়টো নিৰাময়ৰ দিশত প্রচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে দৰিদ্রতাৰ সুযোগ লৈ এচাম ন্যস্ত স্বার্থজডিত মহলে প্রলোভনেৰে কণ কণ ল’ৰা–ছোৱালী তথা কিশোৰ–কিশোৰীক ৰাজ্যখনৰ বাহিৰলৈ নি বিভিন্ন অপকর্মত নিয়োজিত কৰে৷ পূর্বৰে পৰা এনেধৰণৰ কু–কার্য চলি আছিল যদিও বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা বিগত দুটা মাহত সমাজৰ বৰবিহসদৃশ ড্রাগ্ছ আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি বহু ক্ষেত্রত সফলতা লাভ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এইক্ষেত্রত চিৰাং আৰক্ষীয়ে লাভ কৰা সফলতাৰ মুখ্যমন্ত্রীয়ে বিশেষভাৱে শলাগ লয়৷ চিৰাঙৰ ভাৰত–ভূটান সীমান্তৰ পৰা মুঠ ৮০টি শিশুক বিভিন্ন প্রলোভনেৰে বাহিৰলৈ নিয়া হৈছিল বুলি উল্লেখ কৰি ইয়াৰে ৪২গৰাকীক সম্প্রতি ঘূৰাই অনা হৈছে যদিও বাকী থকা শিশুসকলৰ সন্ধান বিচাৰি অসম আৰক্ষীয়ে দৃঢ়তাৰে প্রয়াস চলাই আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ইয়াৰ ভিতৰত ১০টি শিশুৰ সন্ধান লাভ কৰা হৈছে বুলিও তেওঁ কয়৷ ড্রাগ্ছ আৰু মানৱ সৰবৰাহৰ দৰে দুষ্কার্যৰ বিৰুদ্ধে বর্তমানৰ ৰাজ্য চৰকাৰখনে চলাই অহা সংগ্রাম ভৱিষ্যতে আৰু তীব্রতৰ কৰি তুলি এই দুষ্কার্য নির্মূল কৰাৰ বাবে চৰকাৰে নিষ্ঠাৰে কাম কৰি যাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ই এম উইলছন হাছদা ,ই এম ৰঞ্জিত বসুমতাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, ই এম গৌতম দাস, ই এম ধনঞ্জয় বসুমতাৰী, এম চি এল এ মাধৱ ছেত্ৰী, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পৰিচালক বিভাশ মোদীকে ধৰি বহুকেইজন লোক উপস্থিত থাকে।

RELATED ARTICLES