peepl-small

ডিফুত দুদিনীয়া কার্যসূচীৰে উপায়ুক্ত সন্মিলনঃ কার্বি পাহাৰৰ পৰা নিৰূপিত হ’ব আগন্তুক এটা বছৰৰ ৰাজ্যৰ উন্নয়ন

PUBLISHED:

পাহাৰীয়া জিলা কার্বি আংলঙলৈ দুদিনৰ বাবে উঠি গ’ল ৰাজ্য চৰকাৰৰ সমস্ত প্রশাসন৷ দেওবাৰৰে পৰা দুদিনীয়া কার্যসূচীৰে ডিফুত আয়োজন কৰা উপায়ুক্ত সন্মিলনৰ পৰিপ্রেক্ষিততেই মুখ্য সচিব, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানকে ধৰি সমগ্র প্রশাসন এতিয়া ব্যস্ত হৈ পৰিছে পাহাৰীয়া জিলাখনত৷ একপ্রকাৰ মিনি দিছপুৰত পৰিণত হ’ল ডিফু চহৰ৷ ডিফুৰ আৰব’ৰেটাম কাম ক্রাফ্ট চেণ্টাৰত বিশেষভাৱে প্রস্তুত কৰি উলিওৱা সন্মিলনস্থলীত দেওবাৰে পুৱাৰে পৰা ৰাজ্যখনৰ শীর্ষ আমোলাসকলৰ উপস্থিতিৰে মুখৰ হৈ পৰে৷ দিনৰ প্রায় ১১ বজাত হেলিকপ্টাৰেৰে ডিফুত উপস্থিত হৈ সন্মিলনত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিয়লি প্রায় ৪.৩০ বজালৈকে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাজিৰঙাত জিলা আৰক্ষী অধীক্ষক পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ প্রথমবাৰৰ বাবে ডিফুত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত কৰা হৈছে৷

পৰৱর্তী সময়ত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ অংশগ্রহণেৰে পুনৰ আন এখন সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ প্রতি ৬ মাহত ৩খনকৈ তেনেধৰণৰ সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ জিলা প্রশাসন আৰু স্থানীয় প্রশাসনৰ সৈতে সম্পর্ক স্থাপনৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ আজি নিশা পর্যন্ত ডিফুত থাকি অসমৰ উন্নয়নমূলক আঁচনি সম্পর্কে সন্মিলনত আলোচনা কৰিব৷

RELATED ARTICLES