peepl-small

কেব চালকৰ ৪০ শতাংশ ধন কর্তনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰকব্যৱস্থা গ্রহণৰ দাবী

PUBLISHED:

গুৱাহাটীঃ দেশৰ লগতে ৰাজ্য এতিয়া ক’ৰোনাৰ সন্ত্রাসত শংকিত৷ এটাৰ পিছত এটাকৈ নির্দেশনা জাৰি কৰাৰ ফলত এতিয়া বিপদত সাধাৰণ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালৰ লোকসকল৷ মহানগৰীত বর্তমান সন্ধিয়া ৬ বজাৰ পৰা দোকান–পোহাৰ বন্ধ দিয়াৰ ফলত নিমাওমাও হৈ পৰে গুৱাহাটী মহানগৰী৷ ফলত মহানগৰীৰ পৰা ক’ৰোনাৰ এই বিভীষিকাময় পৰিস্থিতিতো অসমৰ ভিন্ন স্থানৰ পৰা কেব চালকসকল আহি সহবাস কৰিবলগীয়া হৈছে ক’ৰোনা মহামৰীৰ সৈতে গুৱাহাটী মহানগৰীত৷ কিন্তু এই অ’লা–উৱেৰ চালকসকলক অ’লা–উৱেৰ কর্তৃপক্ষই বহু পৰিমাণে অৱহেলা কৰা বুলি উল্লেখ কৰি শনিবাৰে মহানগৰীত সদৌ অসম কেব মজদুৰ সংঘই কর্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়৷

অ’লা–উৱেৰ চালকসকলে অ’লা–উৱেৰ কর্তৃপক্ষই চালকসকলক ক’ৰোনা মহামাৰীৰ সময়ছোৱাত ভেকচিনৰ লগতে গাডীসমূহত ছেনিটাইজৰ ব্যৱস্থা এই পর্যন্ত নকৰাত ক্ষোভ প্রকাশ কৰে সদৌ অসম কেব মাজদুৰ সংঘই৷

তদুপৰি নিশ্চিত বিপদৰ উমান পায়ো পেটৰ তাডনাত চালকসকলে এনেদৰে কেব চলাবলগীয়া হৈছে হোৱা বুলি মন্তব্য কৰে কেব মজদুৰ সংঘই৷ মজদুৰ সংঘই অসম চৰকাৰৰ পৰিবহণ বিভাগে এইক্ষেত্রত নীৰৱ ভূমিকা গ্রহণ কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্রীলৈ কাতৰ অনুৰোধ কৰি এইসকল অসমীয়া অ’লা–উৱেৰ চালকৰ মুখলৈ চাই সমায়িকভাৱে সকাহৰ উদ্দেশ্যে আর্থিক সহায় ঘোষণাৰ বাবে আহ্বান৷ চৰকাৰলৈ পুনৰ অনুৰোধ যে বহিৰাগত এই বণিক গোষ্ঠীৰ পৰা চালকসকলক উদ্ধাৰ কৰি নিজাববীয়াকৈ চৰকাৰে এপ এটা খোলক, নহ’লে অ’লা–উৱেৰসমূহত মিটাৰৰ ব্যৱস্থা কৰিবলৈ অ’লা–উৱেৰ বণিক গোষ্ঠীক বাধ্য কাৰাওক৷

লক্ষণীয়ভাৱে অ’লা–উৱেৰ কর্তৃপক্ষই গাডীৰ মালিকৰ পৰা বর্তমান পৰিস্থিতিতো ৪০শতাংশ ধন চালকসকলৰ পৰা কর্তনৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী উত্থাপন কৰে৷

RELATED ARTICLES