peepl-small

প্রধানমন্ত্রীৰে বৈঠকৰ পিছত দিল্লীত মুখ্যমন্ত্রীৰ ঘোষণাঃ ৪ সমীকৰণত ভিত্তি কৰি নিষ্পত্তি হ’ব সীমা বিবাদ

PUBLISHED:

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে চাৰিটা মাধ্যমৰ সমীকৰণো প্রস্তুত কৰিছে৷

সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে দিল্লীস্থিত আছাম হাউছত সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে৷ আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰে প্রস্তুত কৰা এই চাৰি পর্যায়ৰ সমীকৰণ হৈছে– বিবদমান সীমান্তত বসবাস কৰা জনসাধাৰণে বিচৰা অনুসৰি উক্ত এলেকা সংশ্লিষ্ট ৰাজ্যৰ হ’ব৷ দ্বিতীয়তে, ইতিহাসৰ আধাৰত নির্ধাৰিত হ’ব সংশ্লিষ্ট ৰাজ্যৰ সীমান্ত৷ তৃতীয়তে, বিবদমান এলেকাত প্রশাসনিক কাম–কাজ পৰিচালনা কৰাৰ ক্ষেত্রত যিখন ৰাজ্য অধিক সুবিধাজনক অৱস্থাত আছে, সেইখন ৰাজ্যই লাভ কৰিব উক্ত বিবদমান ভূমিৰ অধিকাৰ৷ মুখ্যমন্ত্রীয়ে এইক্ষেত্রত বিস্তাৰিতভাৱে কয় যে বিবদমান এলেকাৰ পৰা যিখন ৰাজ্যৰ সংশ্লিষ্ট জিলাৰ সদৰ কার্যালয় ওচৰত হ’ব, সেইখন ৰাজ্যই লাভ কৰিব পাৰে বিবদমান ভূমিৰ অধিকাৰ৷ চতুর্থতে, সংবিধান নির্ধাৰিত সীমান্তকো সংশ্লিষ্ট ৰাজ্যক সম–গুৰুত্ব প্রদান কৰিব লাগিব৷ আনহাতে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অতিশয় মর্মাহত হৈ পৰা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰৰ সংবাদ মেলত জানিবলৈ দিয়ে৷

আনহাতে মেঘালয়ৰ সৈতে শেহতীয়াকৈ পুনৰ গা কৰি উঠা সীমা বিবাদ সন্দর্ভত মুখ্যমন্ত্রীৰ বক্তব্য– ‘সীমা বিবাদক লৈ সৰু সুৰা ঘটনা সদায় ঘটি আছে৷ ইয়াক লৈ বেছি গুৰুত্ব দিয়াৰ কোনো প্রয়োজন নাই৷ এক দুই ইঞ্চি মাটিক লৈ আমি কাজিয়া কৰি থকাৰ কোনো প্রয়োজন আছে বুলি মই নাভাবোঁ৷’ সাংবাদিকৰ প্রশ্নৰ উত্তৰত ড০ শর্মাই এনেদৰে কয়৷ অসম–মিজোৰাম সীমা বিবাদক লৈ মুখ্যমন্ত্রীগৰাকীয়ে কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে দুবাৰকৈ বৈঠকত মিলিত হোৱাৰ কথাও তেওঁ আজিৰ সংবাদ মেলত জানিবলৈ দিয়ে৷ পুৱা ৯.৩০ বজাত আৰু পিছত দুপৰীয়া সংসদ ভৱনত শ্বাহৰ সৈতে হোৱা বৈঠকত সীমা বিবাদৰ উপৰি উগ্রপন্থী সংগঠন এন এল এফ বিৰ সদস্যসকলৰ অস্ত্র সম্বৰণৰ পিছত তেওঁলোকৰ পুনঃসংস্থাপনক লৈ আলোচনাত মিলিত হোৱাৰ কথা মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ লক্ষণীয়ভাৱে ড০ শর্মাই   ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও তেওঁৰ চৰকাৰী বাসভৱনত আলোচনাত মিলিত হয়৷

দিল্লীলৈ আহিলে প্রধানমন্ত্রী, গৃহমন্ত্রীৰ লগতে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাকো তেওঁ সদায় সাক্ষাৎ কৰে বুলি শর্মাই সংবাদ মেলত দাঙি ধৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বেও মুখ্যমন্ত্রীগৰাকীৰ যোৱা দুবাৰৰ দিল্লী ভ্রমণকালত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাগৰাকীক সাক্ষাৎ কৰিছিল৷ পিছে কালিৰ বৈঠকত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতে শান্তি আলোচনাক লৈ কোনোধৰণৰ আলোচনা কৰা নাই বুলি ড০ শর্মাই সাংবাদিকৰ প্রশ্নৰ উত্তৰত স্পষ্ট কৰি দিয়ে৷

RELATED ARTICLES