peepl-small

অসম–অৰুণাচল সীমান্তত উদ্বোধন কৰিব নতুন পথ

PUBLISHED:

গুৱাহাটী: ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ সময়তে আজি বিশেষ কার্যসূচীৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ আজি বিশেষ বিমানেৰে দুপৰীয়া ১২.২০ বজাত লখমপুৰৰ লীলাবাৰী বিমান কোঠত উপস্থিত হোৱাৰ পাছতে যাব অসম–ৰুণাচল সীমান্তলৈ৷

উল্লেখ্য যে অসম–অৰুণাচল সীমান্তৰ বিলগড়ত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অৰুণাচলৰ সীমান্ত পথ প্রাধিকৰণৰ দ্বাৰা নির্মাণ কৰা কিমিনৰ পৰা পুটিন সংযোগী পথটো৷

আজি লীলাবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত ৰাজনাথ সিঙে সেনাবাহিনীৰ এম আই ১৭ হেলিকপ্টাৰেৰ সীমান্ত অঞ্চল কিমিন বিলগড়লৈ উৰা মাৰিব৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কাইলৈ একে অনুষ্ঠানতে ভার্চুৱেল পদ্ধতিৰে আন ৬টা পথো উদ্বোধন কৰিব৷ উক্ত অনুষ্ঠানৰ পাছতে পুনৰ লীলাবাৰী বিমানবন্দৰৰ পৰা ৰাজনাথ সিঙে দিল্লীলৈ উৰা মাৰিব৷ ইয়াৰ পূর্বে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সেনাবাহিনীৰ শীর্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে আছাম ৰাইফল্ছ আৰু আই টি বি পিৰ বিষয়াসকলৰ সৈতেও আলোচনাত বহিব৷

RELATED ARTICLES