peepl-small

সামৰিক মর্যাদাৰে শোকাকুল পৰিৱেশত সেনা জোৱান নিতুল গগৈৰ শেষকৃত্য

PUBLISHED:

গুৱাহাটীঃ শোকবিহ্বল পৰিয়ালৰ প্রতিজন সদস্যৰ লগতে গাঁওবাসী৷ সামৰিক বাহিনীৰ বিশেষ গাডীৰে কঢ়িয়াই অনা বীৰ শ্বহীদ নিতুল গগৈৰ (৪৩ বছৰ) মৃতদেহ নিজ গৃহৰ পৰা প্রায় দুই কিলোমিটাৰ নিলগৰ খনামুখ তিনিআলিৰ পৰা সহস্রাধিক লোকে গায়ন–বায়ন আৰু মটৰচাইকেল ৰেলীৰে বীৰ শ্বহীদ নিতুল গগৈ অমৰ হওক আদি ধ্বনিৰে নিজ গৃহলৈ কঢ়িয়াই আনে৷

চীন–ভাৰতৰ সীমান্তৰ চিয়াচিন গ্লেচিয়াৰত কর্তব্যৰত অৱস্থাত যোৱা ১৩ মার্চত মৃত্যুক সাবটি লৈছিল শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তর্গত খনামুখ টিপমীয়া গাঁৱৰ সেনাবাহিনীৰ বীৰ শ্বহীদ জোৱানজনে৷ সোমবাৰে বিয়লি মৃতদেহ নিজ জন্ম গাঁও আহি পোৱাৰ পাছতে এক শোকাকুল পৰিৱেশত সামৰিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বীৰ শ্বহীদগৰাকীৰ৷

এখন বিশেষ বিমানেৰে কঢ়িয়াই অনা বীৰ শ্বহীদগৰাকীৰ মৃতদেহ ডিব্রুগড়ৰ মোহনবাৰী বিমানবন্দৰ আহি পোৱাৰ পাছতে সেনাবাহিনীয়ে শ্রদ্ধাঞ্জলি জনায়৷ তাৰ পাছতে সেনাবাহিনীৰ গাডীত বীৰ শ্বহীদগৰাকীৰ মৃতদেহ নিজ গৃহলৈ কঢ়িয়াই অনা হয়৷ সেনাবাহিনীৰ অষ্টম অসম ৰেজিমেণ্টৰ নায়ক চুবেদাৰ পদত নিয়োজিত বীৰ শ্বহীদগৰাকী কেইমাহমানৰ পূর্বে চিয়াচিন গ্লেচিয়াৰত নিযুক্ত হৈছিল৷

সামুদ্রিক পৃষ্ঠৰ পৰা ১৯,৬০০ ফুট উচ্চতাত নিয়োজিত সেনাবাহিনীৰ বীৰ শ্বহীদগৰাকী যোৱা ১৩ মার্চত কর্মৰত অৱস্থাতে অসুস্থ হৈ পৰে৷ ততাতৈয়াকৈ সেনাবাহিনীৰ চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত উক্ত দিনাই মৃত্যুক সাবটি লয়৷ ৯ দিন পূর্বে বিধৱা মাতৃ, পত্নী আৰু কণমানি কন্যা দুজনীৰ সৈতে ম’বাইলত ভিডিঅ’ ক’লৰ জৰিয়তে শেষ কথা পতা বীৰ শ্বহীদগৰাকী অহা মে’ মাহত নিজ ঘৰলৈ দুমাহৰ বাবে ছুটীত অহাৰ কথা আছিল৷ কিন্তু তাৰ পৰিৱর্তে বীৰ শ্বহীদগৰাকীৰ নিথৰ দেহ বগা কাপোৰেৰে আবৃত হৈ কফিনত সোমাই আহিল নিজ গৃহলৈ৷

গাঁওখনৰ প্রতিটো পৰিয়ালে পদূলিমুখত বন্তি প্রজ্বলনেৰে অশ্রুসিক্ত নয়নেৰে শেষ শ্রদ্ধাঞ্জলি জনায় বীৰ শ্বহীদ নিতুল গগৈক৷ অতি অমায়িক, মৃদুভাষী বীৰ শ্বহীদগৰাকীৰ বাসগৃহত পুৱাৰে পৰা ভিন্ন প্রান্তৰ পৰা অহা লোকে শেষ দর্শনৰ বাবে অধীৰ আগ্রহেৰে ৰৈ আছিল৷ আনহাতে, সামৰিক জোৱানসকলে শ্বহীদগৰাকীৰ নশ্বৰ দেহ কঢ়িয়াই অনা সামৰিক বাহিনীৰ বাহনখনৰ পৰা আপোন ঘৰখনলৈ কঢ়িয়াই অনাৰ পাছতে কান্দোনৰ ৰোল উঠে৷ বীৰ শ্বহীদগৰাকীৰ সত্তৰোর্ধৰ বৃদ্ধা মাতৃৰ লগতে পত্নী কবিতা গগৈ, প্রথম আৰু মুকুল শ্রেণীত অধ্যনয়ৰত কণমানি কন্যা দিবাক্ষি আৰু দীপাশ্রীৰ হিয়া ভগা কান্দোনে তাত উপস্থিত প্রত্যেকজন লোকক আৱেগিক কৰি তোলে৷

তাৰ পাছতে শ্বহীদগৰাকীৰ বাসগৃহত এক শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ সেনাবাহিনীৰ অষ্টম অসম ৰেজিমেণ্টৰ জি অ’ চি ৪১ আৰু ১০১ ছাব এৰিয়াৰ কমণ্ডিং অফিচাৰ, ১১ আছাম গার্লছ কর্প এন চি চি (শিৱসাগৰ), শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, আমগুৰি সমষ্টিৰ অগপৰ মিত্রজেজাটৰ প্রার্থী প্রদীপ হাজৰিকা, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্রজেজাটৰ প্রার্থী চন্দ্র বৰুৱা, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য ড০ অংশ্রুমিতা গগৈ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্রাক্তন সেনাবাহিনী সন্থাৰ চেয়াৰমেন এছ আৰ হাজৰিকা আদিকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ পাছতে বীৰ শ্বহীদগৰাকীৰ মৃতদেহ সম্পূর্ণ ধর্মীয় ৰীতি–নীতিৰে ঘৰৰ সন্মুখৰ সৎকাৰস্থলীলৈ লৈ যায়৷

ভতিজাক মাইনা গগৈয়ে মুখাগ্ণি কৰা বীৰ শ্বহীদগৰাকীক অন্ত্যেষ্টিক্রিয়াৰ পূর্বে সামৰিক বাহিনীৰ জোৱানসকলে আঠ জাঁই তোপধ্বনিৰ সৈতে সামৰিক মর্যাদাৰে শেষ শ্রদ্ধাঞ্জলি জনায়৷ মৃত্যুৰ সময়ত বীৰ শ্বহীদগৰাকীয়ে বৃদ্ধা মাতৃ–পত্নীসহ দুগৰাকীকৈ কণমানি কন্যাৰ উপৰি এজন ককায়েক–ভতিজাসহ বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

RELATED ARTICLES