peepl-small

কংগ্রেছৰ ৫৫ বছৰীয়া শাসনকালত কোনোদিনে উন্নয়নৰ মুখ নেদেখিলে অসমে

PUBLISHED:

কেন্দ্রীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত প্রথমবাৰৰ বাবে অসমত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে আশীর্বাদ যাত্রাৰ অংশ হিচাপে নগাঁও আৰু মৰিগাঁৱত কেইবাটাও অনুষ্ঠানত অংশগ্রহণ কৰে৷ আশীর্বাদ যাত্রাৰ দ্বিতীয় দিনা ঐতিহাসিক ধৰমতুল বিষ্ণু মন্দিৰ, বটদ্রৱা, বেবেজীয়াৰ গৰখীয়া থানকে ধৰি কেইবাটাও ধর্মীয় স্থানত আশিস গ্রহণ কৰাৰ লগতে সভাত অংশগ্রহণ কৰে৷ কালি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে পুৱা উপস্থিত হয় জাগীৰোডত৷

বিহু আৰু তিৱা নৃত্য–গানেৰে জাগীৰোডত সোণোৱালক উষ্ম আদৰণি জনোৱা হয়৷ ৰাইজৰ বিপুল সম্বর্ধনা গ্রহণ কৰি জাগীৰোডত প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ লগতে অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰি অহা বিশেষ ভূমিকাৰ ৰাজ্যবাসীয়ে সদায় স্মৰণ কৰিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদেই অসমত উন্নয়নৰ নতুন দিগন্ত সূচনা কৰিব৷ ভাষণ প্রসংগত তেওঁ পাহাৰ–ভৈয়ামৰ শান্তি–সম্প্রীতি অটুট ৰখাৰ বাবে বিজেপি চৰকাৰে সদায় ৰাজ্যৰ লগতে জাতিৰ বাবে আহোপুৰুষার্থ সেৱা আগবঢ়াই যাব বুলি তেওঁ উল্লেখ কৰে৷

ৰাজ্যৰ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক প্রশংসাৰে ওপচাই পেলায় কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ জাগীৰোডৰ পৰা ধৰমতুলস্থিত বিষ্ণু মন্দিৰলৈকে ৰাইজে প্রদর্শন কৰা মৰম আৰু সম্বর্ধনাত আৱেগিত হৈ পৰে কেন্দ্রীয় মন্ত্রীগৰাকী৷ জাগীৰোডত কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকা৷ জাগীৰোডত অনুষ্ঠিত সভাখনত ভাষণ প্রদান কৰি হাজৰিকাই কয় যে কেন্দ্রীয় মন্ত্রীগৰাকীৰ উপস্থিতিয়ে জাগীৰোডবাসী ৰাইজক উৎসাহিত কৰিছে৷ জাগীৰোডত অনুষ্ঠিত আশীর্বাদ যাত্রাৰ কার্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যাপ্রসাদ তাচা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বহুসংখ্যক বিজেপি নেতা উপস্থিত থাকে৷ অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ, মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্রবীণ মেধি, অগপৰ জিলা সভাপতি শান্তনু শর্মাও উপস্থিত থাকে৷

ইপিনে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জাগীৰোডৰ পৰা যাত্রা কৰা সময়ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কেইবাটাও স্থানত তেওঁক সম্বর্ধনা জ্ঞাপন কৰে৷ আমলীঘাটৰ সীতাজখলা উন্নয়ন সমিতিয়েও প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রীক সম্বর্ধনা জ্ঞাপন কৰে৷

ইপিনে নেলীৰ পলাশগুৰিৰ প্রবীণ বিজেপি নেতা পদ্ম কাকতিৰ ঘৰত উপস্থিত হৈ সোণোৱালে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সম্বর্ধনা জ্ঞাপন কৰে৷ ইতিহাসপ্রসিদ্ধ ধৰমতুলৰ শ্রীশ্রীবিষ্ণু মন্দিৰত সেৱা লয় সোণোৱালে৷ ধৰমতুল বিষ্ণু মন্দিৰ পৰিচালনা সমিতিয়েও এক সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ জাগীৰোডৰ এই অনুষ্ঠানকেইটাত ৰাজ্য চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকাই কেন্দ্রীয় মন্ত্রীগৰাকীক সংগ দিয়ে৷

৫৫ বছৰীয়া কংগ্রেছৰ শাসনকালত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন নহ’ল

‘দেশত আমূল পৰিৱর্তনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চেষ্টাৰ কোনো ত্রুটি কৰা নাই৷ ভাৰতবর্ষক বিশ্বৰ বুকুত শ্রেষ্ঠ ৰাষ্ট্র হিচাপে গঢ় দিয়াৰ নিমিত্তে প্রধানমন্ত্রীগৰাকীয়ে কাম কৰি গৈছে৷ এইক্ষেত্রত তেওঁ অখিল সফল হ’বলৈ বৃহত্তৰ অসমীয়া জাতি আৰু গুৰুজনাৰ আশীর্বাদ বিচাৰিছোঁ৷’ –এই মন্তব্য প্রাক্তন মুখ্যমন্ত্রী তথা নৱনিযুক্ত কেন্দ্রীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ৷

দেওবাৰে নগাঁও সাংস্কৃতিক প্রকল্পত আয়োজন কৰা জন আশীর্বাদ যাত্রাৰ কার্যসূচীত অংশগ্রহণ কৰি সোণোৱালে কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লয়৷ এই স্থানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে বিগত ৫৫ বছৰীয়া কংগ্রেছৰ শাসনকালত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল৷ শিক্ষা, স্বাস্থ্য, যাতায়াত আদি কোনো দিশতে কংগ্রেছৰ দিনত অসমৰ ৰাইজে উন্নয়ন নেদেখিলে৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭ বছৰীয়া কার্যকালত ভাৰতবর্ষত চকুত লগাকৈ কাম কৰিবলৈ সক্ষম হৈছে৷ যাৰ বাবে নৱপ্রজন্মই বিভিন্ন কাম কৰাৰ সুবিধা লাভ কৰিলে৷

এইগৰাকী প্রধানমন্ত্রী থাকিলে দেশত শান্তি–সম্প্রীতি অব্যাহত থাকিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘নৰেন্দ্র মোদী প্রধানমন্ত্রী হৈ থাকিলে ভাৰতবর্ষৰ সকলো শ্রেণীৰ ৰাইজে নিজৰ নিজৰ স্বাভিমান লৈ জীয়াই থাকিবলৈ সক্ষম হ’ব৷’ ভাষণ প্রসংগতে সোণোৱালে ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০ দিনীয়া কার্যকালৰো শলাগ লয়৷ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শর্মাই আঁত ধৰা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই চমু ভাষণ প্রদান কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতবর্ষই ৰাষ্ট্র গুৰুৰ আসন দখল কৰিবলৈ সক্ষম হ’ব৷ এই সভাত শ্রীমন্ত শংকৰ সংঘৰ কেন্দ্রীয় সমিতি, একশৰণ ভাগৱতী সমাজ, নগাঁও জিলা সাহিত্য সভা, নগাঁও নাট্য সমিতি, নগাঁও বেংগলী সন্মিলনী, নগাঁও মাৰোৱাৰী সন্মিলন, নগাঁও ক্রীড়া সন্থা আদিকে ধৰি বহুসংখ্যক দল–সংগঠনে কেন্দ্রীয় মন্ত্রীগৰাকীক সম্বর্ধনা জ্ঞাপন কৰে৷ এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মা, ৰামেশ্বৰ তেলী, প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰাজেন গোহাঁই, ৰাজ্য চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকাকে ধৰি বহুসংখ্যক নেতা উপস্থিত থাকে৷

ইফালে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ঐতিহাসিক বটদ্রৱা থানত আশিস গ্রহণ কৰে৷ গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ কেন্দ্রীয় মন্ত্রীগৰাকী ৰাইজৰ মৰম–স্নেহত আপ্লুত হৈ পৰে৷ তেওঁ কয়– ‘দক্ষতাৰে দেশমাতৃৰ সেৱা আগবঢ়াবলৈ মই গুৰুজনাৰ আশীর্বাদ বিচাৰি পুণ্যভূমি বটদ্রৱালৈ আহিছোঁ৷ গুৰুজনাৰ আশীর্বাদত অসমীয়া মহাজাতি বর্তি আছে৷ ভাদ মাহৰ পৱিত্র দিনত বটদ্রৱাৰ ভকত–বৈষ্ণৱ তথা ৰাইজৰ আশীর্বাদ বিচাৰিছোঁ৷ গুৰুজনাৰ জীৱন দর্শনে মোক জাতীয় দায়িত্বৰ প্রতি আকৃষ্ট কৰে৷ গুৰুজনাক বাদ দি আমি বৃহত্তৰ অসমীয়া জাতি সত্তাৰ বিষয়ে ভাবিবও নোৱাৰোঁ৷ অসমবাসীৰ ওচৰত মই সদায় কৃতজ্ঞ৷ কিয়নো মোৰ জীৱনযাত্রাৰ এই উত্তৰণ অসমবাসী ৰাইজৰ আশীর্বাদতহে সম্ভৱ হৈছে৷’

উল্লেখ্য যে এক উখল–মাখল পৰিৱেশৰ মাজেৰে বটদ্রৱা থানলৈ আদৰি অনা হয় কেন্দ্রীয় মন্ত্রীগৰাকীক৷ আশীর্বাদ যাত্রাৰ এখন বিশেষ গাড়ীৰে কেন্দ্রীয় মন্ত্রীগৰাকীক বটদ্রৱা থানলৈ লৈ অনা হয়৷ আয়তীৰ দিহানামৰ মাজেৰে তেওঁক আদৰি অনা হয় বটদ্রৱা থানলৈ৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানত সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, কার্যকৰী সভাপতি ভোগেশ্বৰ বৰাই সর্বানন্দ সোণোৱালক গামোচা, চেলেং, শৰাই আদিৰে সম্বর্ধনা জ্ঞাপন কৰে৷

RELATED ARTICLES

RECENT ARTICLES