peepl-small

৫৫ লাখটকীয়া চার্টার্ড ফ্লাইট লৈ ডুবাইলৈ উৰিল ব্যৱসায়ী

PUBLISHED:

গুৱাহাটী: ক’ভিডৰ বাবে ৰাজ্যত আবদ্ধ হৈ পৰা প্রসিদ্ধ ব্যৱসায়ী তথা জমিয়ত উলেমা, অসমৰ সভাপতি মোস্তাক আনফৰে ডুবাইলৈ উৰা মাৰিলে৷ পৰিয়ালসহ ডুবাইলৈ পুনৰ উভতি যোৱাৰ বাবে প্রসিদ্ধ সুগন্ধি ব্যৱসায়ীগৰাকীয়ে ব্যয় কৰিলে ৫৫ লাখ টকা৷

ভাৰত আৰু ডুবাইৰ মাজত ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিমান যাতায়াত বন্ধ হৈ পৰাৰ ফলত তেওঁ ব্যক্তিগত বিমান ভাৰা কৰি উৰা মাৰিবলগীয়া হয়৷ ইয়াৰ বাবদ তেওঁ এই বৃহৎ ধনৰাশি ব্যয় কৰে৷

উল্লেখ্য যে ৰাজ্যৰ প্রসিদ্ধ ব্যৱসায়ী মোস্তাক আনফৰ সুগন্ধি আৰু আন আন সামগ্রীৰ ব্যৱসায় আৰবৰ লগতে কুৱেইট আৰু ওমানতো বিস্তৃত হৈ আছে৷ ডুবাইত থাকিয়েই আনফৰে বিশ্বজুৰি থকা এই ব্যৱসায় পৰিচালনা কৰি আহিছে৷ কিছুদিন পূর্বে অসমত থকা তেওঁৰ মাতৃৰ সৈতে সময় কটাবলৈ পৰিয়ালসহ আহিছিল৷ কিন্তু সমগ্র দেশৰ লগতে অসমতো ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ লগে লগে সকলো ধৰণৰ যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷

বিশেষকৈ ডুবাইৰ পৰা ভাৰতলৈ বিমান সংযোগ সম্পূর্ণৰূপে বন্ধ হৈ পৰাত তেওঁ অসমতে আবদ্ধ হৈ পৰে৷ ফলত বিশ্বজুৰি থকা তেওঁৰ ব্যৱসায় পৰিচালনাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হয়৷ সেয়েহে চার্টার্ড বিমান ভাৰা কৰি তেওঁ গুৱাহাটীৰ পৰা ডুবাইলৈ যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰিয়েই শুকুৰবাৰে পৰিয়ালসহ ৫৫ লাখ টকা ব্যয় কৰি উপস্থিত হয় ডুবাইৰ নিজা বাসগৃহত৷

RELATED ARTICLES