গুৱাহাটীঃ যশস্বী চিত্রশিল্পী নীলপৱন বৰুৱা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ শুকুৰবাৰে নিশা শিল্পীগৰাকীৰ দেহত মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ধৰা পৰাৰ পাছত শনিবাৰে পুৱা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভর্তি কৰোৱা হয় ৷
বর্তমান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু অক্সিজেনৰ মাত্রাও সঠিক বুলি জি এম চি এইচৰ অধ্যক্ষই সদৰী কৰিছে ৷
উল্লেখ্য যে জিলা প্রশাসনৰ উদ্যোগত শিল্পীগৰাকীক দুদিন পূর্বে ক’ভিড ভেকচিন প্রদান কৰা হৈছিল৷ ভেকচিন দিয়াৰ পূর্বে তেওঁৰ ৰেপিড টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হয়৷ ৰেপিড টেষ্টৰ ফলাফল নিগেটিভ অহাত তেওঁক ভেকচিন প্রদান কৰে৷ কিন্তু কালি নিশা আৰ টি পি চি আৰ পৰীক্ষাৰ ফলাফল আহে পজিটিভ৷ ইয়াৰ পাছতে যশস্বী শিল্পী নীলপৱন বৰুৱাক চিকিৎসাধীন কৰা হয়৷ গুণমুগ্ধ, অনুৰাগীসকলে শিল্পীগৰাকীৰ আৰোগ্য কামনা কৰিছে ৷