peepl-small

ৰহাৰ বনকৰা কিশোৰী চুমিলা ৰংহাঙৰ হত্যাকাণ্ডৰ তদন্ত ঘোষণা

PUBLISHED:

গুৱাহাটীঃ অৱশেষত ৰহাৰ বনকৰা কিশোৰী চুমিলা ৰংহাঙৰ ৰহস্যজনক মৃত্যুৰ তদন্তভাৰ দিয়া হ’ল মধ্য অসম আয়ুক্তৰ এজনীয়া কমিটীক।

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ খাইগড়ত যোৱা ২২ এপ্ৰিলত সন্দেহজনক অগ্নিকাণ্ডত ১২ বছৰীয়া বনকৰা কিশোৰী চুমিলা ৰংহাঙৰ মৃত্যু হৈছিল।

এই ঘটনাৰ পিছত স্থানীয় লোক, দল-সংগঠন আৰু শেষত ছ’চিয়েল মিডিয়াত প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠে। আৰক্ষীয়ে ইতিমধ্যে চুমিলা ৰংহাঙে কাম কৰা ঘৰৰ মুৰব্বী প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ, তেওঁৰ পত্নী আৰু পুত্ৰক আটক কৰি সোধা-পোছা চলাই আছে যদিও হত্যাকাণ্ডৰ আচল সত্য়াসত্য এতিয়াও ওলোৱা নাই।

এনে অৱস্থাত আজি মধ্য অসম আয়ুক্তৰ এজনীয়া কমিটীক চুমিলাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হয়।

RELATED ARTICLES