peepl-small

খৈৰাবাৰীৰ অংকিতাৰ হত্যাকাণ্ডঃ অভিযুক্তক লৈ ক্রাইম স্পট নিৰীক্ষণ দণ্ডাধীশ–আৰক্ষীৰ

PUBLISHED:

গুৱাহাটীঃ খৈৰাবাৰীৰ কলেজীয়া ছাত্রী অংকিতা পালৰ হত্যাকাৰী অমিত ভদ্রক লগত লৈ ভেৰগাঁও মহকুমাৰ দণ্ডাধীশ নির্মল শর্মাই দেওবাৰে ঘটনাস্থলী নিৰীক্ষণ কৰে৷ ১০ মার্চৰ নিশা সংঘটিত চাঞ্চল্যকাৰী হত্যাকাণ্ডটোৰ ঘটনাস্থলী নিৰীক্ষণৰ সময়ত অমিত ভদ্রৰ ভাষ্যও গ্রহণ কৰে দণ্ডাধীশগৰাকীয়ে৷

ভাষ্য গ্রহণৰ সময়ত অমিত ভদ্রই অংকিতা পালক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে৷ ঘটনাস্থলী নিৰীক্ষণৰ সময়ত দণ্ডাধীশগৰাকীৰ সৈতে মহকুমা (ভেৰগাঁও) আৰক্ষী বিষয়া নির্মল চন্দ্র ঘোষ আৰু খৈৰাবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া হাছিম আলীও উপস্থিত আছিল৷

সম্প্রতি টংলা আৰক্ষীৰ জিম্মাত থকা অপৰাধী অমিত ভদ্রক আজি ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে    ঘটনাৰ বিৱৰণী অনুসৰি, কামৰূপ জিলাৰ পলাশবাৰী নিৱাসী ৰমা ভদ্রৰ পুত্র অমিত ভদ্রই খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাত অধ্যয়নৰত মেধাৱী ছাত্রী অংকিতা পালক কেইবাবাৰো প্রেমৰ প্রস্তাৱ আগবঢ়াইছিল৷ অংকিতাই বাৰে বাৰে সেই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷

প্রেমত প্রত্যাখ্যিত হৈ হতাশাত ভোগা অমিত ভদ্রই খৈৰাবাৰীৰ ওচৰৰ বটামাৰী গাঁৱৰ সম্পর্কীয় লোকৰ ঘৰত কেইবা দিন ধৰি বাহৰ পাতি থাকি অংকিতাক লগ ধৰাৰ চেষ্টা চলাই আছিল৷

অংকিতাই অমিতক প্রত্যাখ্যান কৰি আহিছিল যদিও বুধবাৰে নিশা শেষবাৰৰ বাবে লগ ধৰাৰ প্রস্তাৱ দি ছলনাৰে ঘৰৰ পিছফালে ফোন কৰি অংকিতাক মাতি নিয়ে অমিতে৷ অংকিতাই ঘৰৰ পৰা ওলাই অমিতৰ ওচৰলৈ যোৱাৰ লগে লগে অমিতে ঘৰৰ পৰা কিছু দূৰলৈ টানি নি অংকিতাক চোকা অস্ত্রৰে ডিঙি কাটি হত্যা কৰে আৰু নিশাই নিজৰ এ এছ ২৫ পি ৩৮৬৮ নম্বৰৰ পালছাৰ বাইকেৰে পলাশবাৰীৰ নিজ ঘৰলৈ পলায়ন কৰে৷

অৱশ্যে উক্ত নিশাই খৈৰাবাৰীৰ আৰক্ষীৰ সহযোগত পলাশবাৰী আৰক্ষীয়ে হত্যাকাৰী অমিত ভদ্রক ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷

উৎসঃ নিয়মীয়া বাৰ্তা

RELATED ARTICLES