peepl-small

প্রথিতযশা সাহিত্যিক ড০ অনিমা গুহ (১৯৩২-২0২১)

PUBLISHED:

অসমীয়া সাহিত্যৰ অত্যন্ত স্পষ্টবাদী লেখিকা  ড০ অনিমা গুহৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ মার্চত ধুবুৰী জিলাত৷ পিতৃ আছিল গিৰীন্দ্রমোহন দাস আৰু মাতৃ নিহাৰিকা দাস৷ কোকৰাঝাৰত শিক্ষা জীৱন আৰম্ভ কৰি ১৯৪৭ চনত যোৰহাটৰ চৰকাৰী ছোৱালী হাইস্কুলৰ পৰা লেটাৰসহ প্রথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৪৯ চনত কটন কলেজৰ পৰা প্রথম বিভাগত আইএছচি পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত তাতেই উদ্ভিদ বিজ্ঞান বিভাগত উচ্চশিক্ষাৰ বাবে নামভর্তি কৰে৷

১৯৫২ চনত উদ্ভিদ বিজ্ঞান বিষয়ত ডিষ্টিংচনসহ সর্বোচ্চ নম্বৰ লাভ কৰি উত্তীর্ণ হয়৷ যাৰ বাবে বায়ল’জিকেল ছ’চাইটী অৱ আছামে স্বর্ণ পদক প্রদান কৰে৷ ১৯৬২ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিষয়ত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি উত্তীর্ণ হয়৷ পৰৱর্তী সময়ত ‘বংশগতি’ বিষয়ত কৰা গৱেষণাৰ বাবে পুনে বিশ্ববিদ্যালয়ে পিএইচডি প্রদান কৰে৷ তাৰ মাজতে বিশিষ্ট ইতিহাসবিদ তথা সমাজবিজ্ঞানী অমলেন্দু গুহৰ লগত বিবাহপাশত আবদ্ধ হয়৷ শিক্ষা জীৱনৰ মাজৰ এছোৱা সময়ত তেওঁ অভয়াপুৰীৰ জে এন মেম’ৰিয়েল ছোৱালী হাইস্কুল আৰু ধুবুৰীৰ ছোৱালী হাইস্কুলত শিক্ষকতাও কৰে৷ অধ্যয়ন, শিক্ষকতাৰ সমান্তৰালভাৱে ১৯৬৪ চনৰ পৰা নিয়মীয়াকৈ সামাজিক সমস্যামূলক প্রবন্ধ, ভ্রমণ কাহিনী, ৰসৰচনা আদি লিখিবলৈ লয়৷ একে সময়তে প’ষ্ট ডক্টৰেট ফেল’শ্বিপৰ কামো আগুৱাই নিয়ে৷ ১৯৯১ চনত গৱেষণামূলক কামৰ পৰা আজৰি হোৱাৰ পাছত নিয়মীয়াকৈ সাহিত্য চর্চা আৰম্ভ কৰে৷

ড০ গুহৰ কেইখনমান লেখত ল’বলগীয়া গ্রন্থ হৈছে– তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দর্শন, মোৰ মন উৰণীয়া পখী (ভ্রমণ কাহিনী), তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ, মানুহৰ চিত্রশালাত, এমুঠি অভিজ্ঞতা, সোঁতৰ বিপৰীতে, নীল আকাশৰ তলত, পিতাল পুত্রিকা, বিপন্ন প্রজাতি (প্রবন্ধ সংকলন), জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি, বাকীছোৱা জীৱন (আত্মজীৱনী) আদি৷ ইয়াৰ বাহিৰেও ছৈয়দ আব্দুল মালিকৰ ‘সূৰুযমুখীৰ স্বপ্ণ’ অসমীয়াৰ পৰা বাংলালৈ, তছলিমা নাছৰিনৰ ‘নির্বাচিত কলম’, শৰৎচন্দ্র চট্টোপাধ্যায়ৰ ‘পৰিণীতা’, সুনীল গংগোপাধ্যায়ৰ ‘ৰাধাকৃষ্ণ’ আদি গ্রন্থ বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰে৷ শিশু সাহিত্যৰ ক্ষেত্রত পার্থ চট্টোপাধ্যায়ৰ ভৌতিক ৰহস্য, প্রেতাত্মাৰ কাহিনী, ভূতৰ ভয়ংকৰ কাহিনী আদি গ্রন্থও বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি গৈছে৷ নাৰী অধিকাৰ, নাৰী শিক্ষা, লিংগ বৈষম্য দূৰীকৰণৰ বাবে আজীৱন কাম কৰি যোৱা ড০ অনিমা গুহ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো ওতপ্রোতভাৱে জড়িত আছিল৷ ইয়াৰ বাবে অসম সাহিত্য সন্মিলনীৰ জীৱনজোৰা সাধনা বঁটা, যুগশংখ সাহিত্য বঁটা, ড০ নির্মলপ্রভা বৰদলৈ সাহিত্য বঁটা, বীৰাংগনা মূলাগাভৰু বঁটা, প্রাগ প্রেৰণা বঁটা আদি সন্মানো লাভ কৰিছিল৷ আজীৱন নীৰৱে অসমৰ সমাজ–সাহিত্যলৈ বৰঙণি আগবঢ়াই যোৱা ড০ অনিমা গুহই তেওঁৰ পুত্র তথা আমেৰিকা নিৱাসী বিজ্ঞানী ড০ সুপ্রতীক গুহ, বোৱাৰী ড০ মনীষা গুহ আৰু দুগৰাকী নাতিকে ধৰি অনেক গুণমুগ্ধক ইহ সংসাৰত বৃহস্পতিবাৰ, ২৯ জুলাই, বিয়লি ৩.৪০এৰি থৈ যায়৷

RELATED ARTICLES