peepl-small

জালুকবাৰীত আজি অমিত শ্বাহৰ বিশাল জনসভা; ড০ হিমন্ত বিশ্ব শর্মাৰ সপক্ষে নির্বাচনী প্রচাৰ

PUBLISHED:

গুৱাহাটীঃ  তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনৰ বাবে আজি অন্ত পৰিব প্রচাৰ অভিযান৷ অন্তিম দিনা প্রচাৰ চলাবলৈ পুনৰ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ আজি তেওঁ তিনিখনকৈ বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰিব৷ জালুকবাৰী সমষ্টিৰ প্রার্থী বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ হৈও প্রচাৰ চলাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ লক্ষাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা এই নির্বাচনী সমাৱেশত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ উপৰি ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ নেতা৷

ইতিমধ্যে শুৱালকুছিৰ বালিচৰত সমাৱেশৰ প্রস্তুতি সম্পূর্ণ হোৱাৰ পথত৷ নির্মাণ কৰা হৈছে ছখনকৈ অস্থায়ী হেলিপেড৷ সমর্থকৰ বাবে সাজু কৰা হৈছে ৪০ হাজাৰৰো অধিক চকী৷ কালি সভাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰে৷

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত ড০ শর্মাৰ সমর্থনত অন্তিমখন প্রচাৰ সভা এই স্থলতে অনুষ্ঠিত হৈছিল আৰু উপস্থিত আছিল তেতিয়াৰ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহ৷

মন কৰিবলগীয়া যে বিগত দিনকেইটাত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অহর্নিশে নির্বাচনী প্রচাৰত ব্যস্ত থকা ড০ শর্মাই নিজ সমষ্টিত প্রচাৰ চলোৱা নাই৷ তাৰ বিপৰীতে দলীয় কর্মী–সমর্থকসকলৰ প্রিয় নেতাজনৰ সপক্ষত মাৰবান্ধি প্রচাৰ কার্য অব্যাহত ৰাখিছে৷

ইফালে, আজি অন্তিম প্রচাৰ অভিযানৰ বাবে অসমত উপস্থিত হ’ব লগা অমিত শ্বাহে সৰভোগ আৰু বজালীতো দুখনকৈ নির্বাচনী সভাত অংশ ল’ব৷ সৰভোগৰ বিজেপি প্রার্থী শংকৰ দাস আৰু পাটাছাৰকুছিৰ প্রার্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ প্রচাৰ চলাব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

RELATED ARTICLES