peepl-small

৩ দিনীয়া ভ্ৰমণসূচীৰে অসম পাবহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

PUBLISHED:

গুৱাহাটীঃ ২৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আজি নিশা প্ৰায় ১১.৪৫ মান বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিমান বন্দৰত উস্ম আদৰণি জনোৱাৰ লগতে ৩০০০তকৈ অধিক জনগোষ্ঠীয় নৃত্যৰে আদৰণি জনোৱা হ’ব। মানব শৃংখলৰ জৰিয়তে আদৰাৰ লগতে প্ৰায় ১০ হাজাৰ বন্তি জ্ৱলোৱা হ’ব।

দিনৰ ১২ বজাত দিল্লীৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে অংশ ল’ব এখন জৰুৰী সভাত। ইয়াৰ পাছতে আমিনগাঁৱত এখন জনসভাত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপান্তৰ কৰিবৰ বাবে ১৮৬কোটি টকাৰ আঁচনিৰ আধাৰশিলা আমিনগাঁৱৰ পৰাই স্থাপন কৰিব।

গুৱাহাটী মহানগৰীত নতুনকৈ স্থাপন হ’ব আন এখন চিকিৎসা মহাবিদ্যালয়। কালাপাহাৰত প্ৰায় ৫০০খন বিচনাযুক্ত চিকিৎসালয় হোৱাৰ লগতে MMCHত এটা ৮মহলীয়া বিল্ডিঙৰে চুপাৰ স্পেচিয়েলিটী হাস্পতাল ৰূপে গঢ়ি তোলা হ’ব। প্ৰায় ৮৬০ কোটি টকা ব্যয় কৰা হ’ব। কালাপাহাৰ আৰু MMCHৰ মাজত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেতু।

আনহাতে ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ১১খনকৈ আইন মহাবিদ্যালয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিব এই আইন মহাবিদ্যালয়কেইখন। চতিয়া, বিলাসীপাৰা, নলবাৰী, ৰঙিয়া, ৰহা, ডিফু, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, উত্তৰ লখিমপুৰ, কলিয়াবৰত স্থাপন কৰা হ’ব আইন মহাবিদ্য়ালয়। ই অসমৰ শিক্ষাজগতৰ বাবে নতুন দিগন্তৰ সূচনা কৰিব।

অসম দৰ্শন আঁচনিৰ ৩য় পৰ্যায়ৰ শুভাৰম্ভ হিচাপে ৰাজ্যৰ ৮ হাজাৰ নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব শ্বাহে। ইয়াৰ লগে লগে এই ধৰ্মীয় অনুষ্ঠানসমূহলৈ যোৱা ৰাস্তা-ঘাট সমূহো পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিব লোকনিৰ্মাণ বিভাগে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালৰে বৈঠকত অংশ লোৱাৰ লগতে BTCৰ নৱ নিৰ্বাচিত পাৰিষদসকলৰ লগতো ভাৱ বিনিময় কৰিব। ২৭ ডিচেম্বৰ পুৱা মা কামাখ্যাৰ আশীষ লৈ মণিপুৰলৈ যাব গৃহমন্ত্ৰীগৰাকী। সংবাদমেলত এই কথা সদৰী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES