peepl-small

অম্বুবাচী মেলা বাতিল

PUBLISHED:

গুৱাহাটী: ক’ভিড মহামাৰীৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে চলিত বর্ষৰ অম্বুবাচী মেলা৷ লগতে কামাখ্যা মন্দিৰৰ চৌহদত ভক্তসকলৰ থকা–খোৱা আদি ব্যৱস্থাৰ ক্ষেত্রত বিশেষকৈ আৰোপ কৰা হৈছে৷

কামৰূপ মহানগৰ জিলা দণ্ডাধীশ বিশ্বজিৎ পেগুৱে সোমবাৰে এই সন্দর্ভত এক নির্দেশনা জাৰি কৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্তক নীলাচল পাহাৰৰ বাসিন্দাসকলৰ বাহিৰে ৰাজ্যখনৰ আন আন প্রান্তৰ ভক্ত তথা তীর্থযাত্রীক অম্বুবাচী মেলাৰ সংক্রান্তত কামাখ্যা মন্দিৰলৈ যোৱাৰ ক্ষেত্রত অনুমতি প্রদান নকৰিবলৈ অনুৰোধ জনাইছে৷

সেইদৰে গুৱাহাটী আৰু কামাখ্যা ৰে’ল ষ্টেচনৰ অধীক্ষকক দেশৰ আন আন প্রান্তৰ পৰা যাতে কোনো ভক্ত অম্বুবাচী মেলা সংক্রান্তত কামাখ্যা মন্দিৰলৈ নাহে, তাৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু যদি কোনো ভক্ত তথা তীর্থযাত্রী আহে, য’ৰ পৰা আহিছে সেই স্থানলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা হৈছে নির্দেশনাটোৰ জৰিয়তে৷ ইয়াৰ উপৰি প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ কোৱা হৈছে মা কামাখ্যা দেৱালয়ৰ দলৈক৷

RELATED ARTICLES