peepl-small

২২ জুনৰ দিনৰ ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি

PUBLISHED:

গুৱাহাটীঃ   ক’ভিড সৃষ্ট জটিল পৰিস্থিতিৰ বাবে বিগত বর্ষৰ দৰে এইবাৰো আড়ম্বপূর্ণভাৱে কামাখ্যাধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷ পৰম্পৰাগতভাৱে বৈদিক ৰীতি–নীতিৰে অম্বুবাচীৰ পূজা অর্চনা কৰা হ’ব বুলি দলৈ মোহিত শর্মাই জানিবলৈ দিছে৷

এইবাৰ অম্বুবাচীৰ প্রবৃত্তিৰ সময় ২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত৷ নিবৃত্তিৰ সময় ২৬ জুনৰ পুৱতি নিশা ২ বজাতি ২৯ মিনিট ৯ ছেকেণ্ডত৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অম্বুবাচীত ভক্ত–দর্শনার্থীসক মন্দিৰত পূজা অর্চনা আগবঢ়াব নোৱাৰিব৷

২২ জুনৰ দুপৰীয়া মন্দিৰৰ মূল প্রৱেশদ্বাৰ বন্ধ কৰি দিয়া হ’ব৷ নিবৃত্তিৰ শেষত পূজা অর্চনাৰ অন্ততঃ কামাখ্যা মন্দিৰৰ প্রৱেশদ্বাৰ খোলা হ’ব যদিও ভক্ত দর্শনার্থীয়ে পূজা অর্চনা আগবঢ়াব নোৱাৰিব বুলি দলৈ মোহিত শর্মাই জানিবলৈ দিছে৷

RELATED ARTICLES