peepl-small

আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰকঃ আৰক্ষী বিষয়া শচীন ৱাজক নিলম্বন

PUBLISHED:

মুম্বাইঃ ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানিৰ বাসভৱনৰ সমীপলৈ বিস্ফোৰকভর্তি বাহন প্রেৰণ কৰা ঘটনা সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই গ্রেপ্তাৰ কৰা মহাৰাষ্ট্র আৰক্ষীৰ অতিৰিক্ত পৰিদর্শক শচীন ৱাজক নিলম্বন কৰা হৈছে।

কালি নিশাৰ ভাগতে নিয়াই আৰক্ষী বিষয়াগৰাকীক নিজৰ জিম্মাত লৈ ১২ ঘণ্টা সময় ধৰি জেৰা কৰিছিল৷ আজি আৰক্ষীৰ বিশেষ শাখাৰ উপ-আয়ুক্তই তেওঁক এক নিৰ্দেশনাযোগে নিলম্বন কৰে।

উল্লেখ্য, মুকেশ আম্বানিৰ বাসগৃহৰ সমীপত ৰখা বিস্ফোৰকভৰ্তি স্কৰপিঅ’ বাহনৰ গৰাকী মনসুখ হীৰেন বুলি জানিব পৰাৰ এদিন পিছতে তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। পুৰণা গাড়ীৰ ব্যৱসায়ী মনসুখ হীৰেনে উক্ত স্কৰপিঅ’ বাহনখন বিক্ৰীৰ বাবে ৰাখিছিল যদিও আশ্চৰ্যকৰভাৱে এণ্টিলাৰ সন্মুখত বিস্ফোৰকসহ উদ্ধাৰ হৈছিল।

কিন্তু মনসুখ হীৰেনৰ মৃত্যুৰ বাবে বহু কথাৰ সম্ভেদ পোৱা সম্ভৱ নগ’ল। আৰক্ষীয়ে এইক্ষেত্ৰত শচীন ৱাজকে ধৰি এই ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা হৈছে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ অন্য কেইবাগৰাকীও বিষয়া৷ ইতিমধ্যে নিয়াই এই বিষয়াসকললৈ জাননী জাৰি কৰিছে৷

RELATED ARTICLES