peepl-small

১ জুলাইৰ পৰা খুলিব ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী কার্যালয়

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি কিছু উন্নত হোৱাৰ সময়তে চৰকাৰী কার্যালয় নিয়মীয়াকৈ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ সেই অনুসৰি অহা এক জুলাইৰ পৰা চৰকাৰী–বেচৰকাৰী সকলো প্রতিষ্ঠানৰ কর্মচাৰী কার্যালয়লৈ আহিব লাগিব৷ শনিবাৰে এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

শনিবাৰে জনতা ভৱনত সংবাদ মাধ্যমক এই কথা সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– চৰকাৰী কর্মচাৰীসকলক মই অনুৰোধ কৰিম যে অহা ১ জুলাইৰ পৰা চৰকাৰী কার্যালয়সমূহ খুলিব লাগিব৷ সেয়েহে আপোনালোকে যেন নিশ্চিতভাৱে ক’ৰোনা ভেকচিন লয়৷ ব্যক্তিগত প্রতিষ্ঠানসমূহে যদি নিয়মীয়াকৈ কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে তেওঁলোকৰো কর্মচাৰীৰ এশ শতাংশ ভেকচিন প্রদান হ’ব লাগিব৷

উল্লেখ্য যে অহা ২১ জুনৰ পৰা ৩০ জুনলৈ ৰাজ্যত প্রতিদিনে তিনি লক্ষাধিকক ক’ৰোনা ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রীয়ে শনিবাৰে এই সন্দর্ভত ইয়াকো স্পষ্ট কৰে যে চৰকাৰী–বেচৰকাৰী সকলো কর্মচাৰীৰ এশ শতাংশ ভেকচিন প্রদান সম্পন্ন হ’লে আমি চাৰি অথবা পাঁচ বজালৈ কাম কৰাৰ অনুমতি দিব লাগিব৷ কার্যতঃ অসমত আনলক–৩ আৰম্ভ কৰাৰ আজি এক ইংগিত প্রদান কৰিলে মুখ্যমন্ত্রীয়ে৷ ১ জুলাইৰ পৰা চৰকাৰী কার্যালয়ৰ লগতে বেচৰকাৰী প্রতিষ্ঠানসমূহ যাতে নিয়মিতভাৱে চলিব পাৰে, তাৰ বাবে কর্মচাৰীসকলৰ টিকাকৰণৰ লগতে সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনাকো শনিবাৰে আঙুলিয়াই দিলে মুখ্যমন্ত্রী ড০ শর্মাই৷

এই সন্দর্ভত তেওঁ কয় যে চৰকাৰী কর্মচাৰীৰ লগতে সকলো ব্যক্তিগত প্রতিষ্ঠান– সেয়া দোকানেই হওক, পেট্র’ল পাম্পেই হওক বা আন প্রতিষ্ঠানেই হওক, সকলো কর্মচাৰীক যাতে অহা ১০ দিনত ভেকচিন প্রদান কৰা হয়, সেই দিশত সকলো গুৰুত্ব দিব লাগিব৷ উল্লেখ্য যে বর্তমান দিনৰ এক বজালৈ চৰকাৰী কার্যালয় আৰু দোকান–পোহাৰসমূহ খোলাৰ অনুমতি প্রদান কৰা হৈছিল৷

আনহাতে দুপৰীয়া দুই বজাৰ লগে লগে সান্ধ্য আইন বলৱৎ হয়৷ এক জুলাইৰ পৰা চৰকাৰী কার্যালয়–বেচৰকাৰী প্রতিষ্ঠানসমূহ নিয়মিতভাৱে চলিলে দোকান–পোহাৰ তথা ব্যৱসায়িক প্রতিষ্ঠান সন্ধিয়া পাঁচ বজালৈ খোলাৰ সম্ভাৱনা আছে৷

RELATED ARTICLES