peepl-small

অসমক ক’ভিডমুক্ত কৰিবলৈ আমি সকলো একগোট হ’বই লাগিব

PUBLISHED:

গুৱাহাটীঃ অসমত ক’ভিডৰ সংক্রমণ ক্রমাৎ নিম্নগামী হৈছে যদিও পৰিস্থিতিক লৈ এতিয়াও উদ্বিগ্ন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অসমক ক’ভিডমুক্ত কৰি স্বাভাৱিক জীৱনযাত্রা ওভতাই আনিবলৈ হ’লে সকলোৱে একগোট হৈ ক’ভিড সংক্রান্তীয় নীতি–নিয়মসমূহ মানি চলিব লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মত পোষণ কৰে৷

গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা সপ্তাহত অসমত ক’ভিড ৰোগীৰ সংখ্যা তিনি হাজাৰলৈ হ্রাস পাব বুলি আশা কৰিছিল৷ কিন্তু তেওঁ যিমান ভাল ফল পাব বুলি ভাবিছিল, সেয়া নাপালে৷ প্রতিদিনে ক’ভিড ৰোগীৰ সংখ্যা ৪ হাজাৰৰ পৰা চাৰি হাজাৰ দুশৰ ভিতৰত থাকিল৷ তেওঁ আৰু কয় যে আজিৰ পৰা ৰাজ্যখনত সান্ধ্য আইনৰ সময় এঘণ্টা হ্রাস কৰাৰ লগতে দোকান খোলাৰ সময়ো এঘণ্টা বৃদ্ধি কৰা হৈছে৷ দিনৰ ১২ বজাৰ পৰিৱর্তে আজিৰ পৰা দিনৰ এক বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব৷

সেইদৰে দোকান–পোহাৰ বন্ধৰ সময়ো দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ বৃদ্ধি কৰা হৈছে৷ অহা সপ্তাহটোত ভাল ফল আহিব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বাভাৱিক জীৱনযাত্রা ঘূৰাই পাবলৈ বিচাৰিলে ক’ভিড সংক্রান্তীয় নীতি–নিয়মসমূহ সকলোৱে মানি চলিব লাগিব৷ সেয়ে মুখ্যমন্ত্রী ড০ শর্মাই আটাইকে ক’ভিডৰ নীতি–নিয়মসমূহ মানি চলাৰ বাবে ৰাইজক পুনৰ আহ্বান জনায়৷ এই প্রসংগত উল্লেখনীয় এয়ে যে আগন্তুক সপ্তাহটোৰ ওপৰতে নির্ভৰ কৰিব অহা ১৬ মে’ৰ পাছত বর্তমানৰ দৰেই ক’ভিডজনিত পৰিৱেশৰ বাবে বাধা নিষেধ অব্যাহত থাকে নে শিথিল হয়৷ ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই কথা স্পষ্ট কৰি দিছে৷

 বোকাখাতত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে যদি পৰিস্থিতিৰ অৱনতি ঘটে, তেতিয়াহ’লে কঠোৰ এছ অ’ পি বলৱৎ হ’ব আৰু পৰিস্থিতি উন্নত হ’লে বর্তমানৰ বাধা নিষেধ বহু শিথিল হ’ব৷ সেয়ে স্বাভাৱিকতে অহা সপ্তাহটোৰ ক’ভিড পৰিস্থিতিৰ ওপৰতে নির্ভৰ কৰিছে অনাগত দিনত স্বাভাৱিক জীৱনযাত্রা উভতি আহিব নে বাধ্য–বাধকতাৰ মাজেৰে জনসাধাৰণে সময় অতিবাহিত কৰিব লাগিব৷

RELATED ARTICLES