peepl-small

প্ৰসংগ ১০ কোটি! আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব অখিল গগৈয়ে

PUBLISHED:

সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ পূর্বেই এআইইউডিএফক নিজ দলক আগবঢ়াই নিয়াৰ বাবে ১০ কোটি টকা অখিল গগৈয়ে বিচৰা বুলি শেহতীয়াকৈ বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে।

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব আৰু জাননী জাৰি কৰা হ’ব বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

বিধায়ক অখিল গগৈ সংবাদ মাধ্যমৰ আগত কয়,- “এই কথাটোৰ পৰা আঁতৰি আছিলো। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিধায়ক আমিনুল ইছলামে এনে অপপ্ৰচাৰ এতিয়াও কৰিয়ে আছে। মোৰ সামান্যতমো ইচ্ছা নাছিল যে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গোচি যাও। কাৰণ দীৰ্ঘদিনৰ পাছত মই জেলৰ পৰা ওলাই আহিছিলো। গোচৰবোৰৰ পৰা মুক্ত হৈ আছো। আকৌ মোৰ ওপৰত এটা গোচৰ তৰক বা মই এটা গোচৰ দিও, এনেধৰণৰ কোনো কামৰ সৈতে জড়িত হ’ব খোজা নাছিলো। কিন্তু বিধায়কজনে বাৰম্বাৰ মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছিলে, মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিল।”

RELATED ARTICLES