peepl-small

শাসনলৈ আহিলে কাগজ কল খুলিব অসম জাতীয় পৰিষদে

PUBLISHED:

গুৱাহাটীঃ দীর্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে জাগীৰোডত তিনিঘণ্টীয়া অৱস্থান ধর্মঘট পালন কৰে৷ জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্রম শক্তিৰ উদ্যোগত জাগীৰোড কাগজ কলৰ সন্মুখত ৰূপায়ণ কৰা হয় অৱস্থান ধর্মঘট৷

এই কার্যসূচীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কেন্দ্রীয় নেতৃবর্গ পবিন্দ্র ডেকা, অদীপ কুমাৰ ফুকনকে ধৰি কেইবাজনো নেতাই অংশগ্রহণ কৰি শাসকীয় বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

ভাষণত এজেপিৰ সভাপতি লুৰিণজ্যোতিয়ে ৰাজ্যখনৰ বৃহৎ উদ্যোগসমূহৰ অন্যতম নগাঁও আৰু কাছাৰ কাগজ কল বিজেপি চৰকাৰ শাসনলৈ আহিয়ে বন্ধ কৰি দিয়া বুলি অভিযোগ কৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷

তেওঁ কয়– ‘বিজেপি চৰকাৰে বৃহৎ কাগজ উদ্যোগ দুটা ষড়যন্ত্রমূলকভাৱে ধ্বংসৰ গৰাহলৈ ঠেলি দি পুঁজিপতিৰ হাতত গতাব খুজিছে৷ লুৰিণজ্যোতি গগৈয়ে ভাষণৰ মাজেৰে ৰাষ্ট্র্রীয় দলসমূহকো সমালোচনা কৰি অসমৰ জ্বলন্ত সমস্যাসমূহ আঞ্চলিক তথা জাতীয় ভাবধাৰাৰ দলেহে সমাধান কৰিব পাৰিব বুলি উল্লেখ কৰি কয় যে অসম জাতীয় পৰিষদ আগন্তুক নির্বাচনত ক্ষমতালৈ আহিলে বন্ধ হৈ থকা কাগজ কল দুটা খুলি দেখুৱাব৷ কাগজ নিগম কর্মী ইউনিয়নৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে আদৰণী ভাষণ দিয়া প্রতিবাদী কার্যসূচীত এজেপিৰ কেন্দ্রীয় নেতা পবিন্দ্র ডেকা, অদীপ ফুকনেও ভাষণ দিয়ে৷

RELATED ARTICLES