peepl-small

পুনৰ বিজেপি চৰকাৰ হ’লে অসমত বোৰ্খা, টুপী পিন্ধিব নোৱাৰিব, ৰাখিব নোৱাৰিব ডাঢ়িঃ আজমল

PUBLISHED:

গুৱাহাটীঃ ধুবুৰী জিলাৰ গৌৰীপুৰত উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে পুনৰ ৰাজ্যৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা সাংসদ বদৰুদ্দিন আজমলৰ। এটা লোকসভা সমষ্টিৰ জন প্ৰতিনিধি হৈও আজমলে পুনৰ সিঁচিলে সাম্প্ৰদায়িক বিষবাস্প।

গৌৰীপুৰত এখন জনসভাত ভাষণ দি এআইইউডিএফ প্ৰধানগৰাকীয়ে ৰাইজক সাম্প্ৰদায়িক উচটনি দিয়ে।

মৌলানা বদৰুদ্দিন আজমলে কয় যে ২০২১ত অসমত বিজেপি পুনৰ শাসনলৈ আহিলে ইছলামধৰ্মী মহিলাই বোৰ্খা পিন্ধিব নোৱাৰিব, মুছলমান পুৰুষে ৰাখিব নোৱাৰিব দাঢ়ি, পিন্ধিব নোৱাৰিব টুপী। বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে মছজিদত আজান দিবও নোৱাৰিব বুলি কৈ ৰাইজক প্ৰৰোচিত কৰে আজমলে।

“….আপোনালোকে বোৰ্খা পিন্ধি ওলাব নোৱাৰিব, মুখত দাঢ়ি ৰাখিব নোৱাৰিব, টুপী পিন্ধিব নোৱাৰিব। মছজিদত আজানো দিব নোৱাৰিব।”-এনেদৰে কয় সাংসদগৰাকীয়ে।

তদুপৰি পৰৱৰ্তীবাৰ অসম বা কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে সমগ্ৰ দেশত থকা ৩৫০০ মছজিদ ভাঙি দিয়া হ’ব বুলিও সাম্প্ৰদায়িক মন্তব্য কৰে সাংসদৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা মৌলানা বদৰুদ্দিন আজমলে।

RELATED ARTICLES