গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে জি এম চি এইচত উপস্থিত হোৱা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে উচুপি উঠে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৱেগিক হৈ পৰা আজমলে উচুপি উচুপি কয়-“আমি তেখেতৰ কাৰণে দোৱা কৰি আছোঁ। এতিয়ালৈকে আমি আশাবাদী। তেখেত ঘূৰি আহিব, আমাৰ মাজলৈ আহিব।”
এমাহ পূৰ্বে গগৈক আই চি ইউত সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি চকুলো টুকে ধুবুৰীৰ সাংদগৰাকীয়ে।