peepl-small

শংকৰদেৱ কলাক্ষেত্ৰত মিটিং পতাৰ হুংকাৰ আজমলৰ

PUBLISHED:

গুৱাহাটীঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰথমে মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে। শংকৰদেৱ কলাক্ষেত্ৰত নীলা লুঙী, কলপতীয়া শাৰী ৰখাৰ বিতৰ্কিত প্ৰস্তাৱ দিছিল কংগ্ৰেছী বিধায়কগৰাকীয়ে। এইবাৰ শংকৰদেৱ কলাক্ষেত্ৰত চকু পৰিছে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।

শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মাত্ৰ দুশ মিটাৰ আঁতৰৰ শিল্পগ্ৰামত দলীয় সভা অনুষ্ঠিত কৰি বদৰুদ্দিন আজমলে কলাক্ষেত্ৰত পৰৱৰ্তী সভা পতাৰ হুংকাৰ দিছে। 

২০২১ চনত মহাজোঁটবন্ধনৰ চৰকাৰ আহিলে কলাক্ষেত্ৰত মিটিং পাতিব বুলি আজমলে দাবী কৰিছে। শিল্পগ্ৰামত এ আই ইউ ডি এফৰ সাংগঠিনক সভাৰ সমান্তৰালকৈ কলক্ষেত্ৰত অনুষ্ঠিত হৈছিল বিজেপিৰ এখন সভা। এই সভাত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

এই প্ৰসংগতে আজমলে হুংকাৰ দি কয় যে এ আই ইউ ডি এফে পৰৱৰ্তী সভা শংকৰদেৱ কলাক্ষেত্ৰত পাতিব ।

“কোনো কথা নাই। তেওঁলোকে যি জাগাত কৰি আছে, সেই জাগাত আমি কৰিম। যি জাগাত চি এমে কৰি আছে, সেই জাগাত আমি মিটিং কৰিম, আমাৰ চি এম হ’ব।”—আজমলে এনেদৰে কয়।

ইপিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। এ আই ইউ ডি এফৰ কোনো ধৰণৰ ষড়যন্ত্ৰক অসমৰ ৰাইজে সফল হ’বলৈ নিদিয়ে বুলি দাবী কৰে ৰঞ্জিত দাসে।

“নামনি অসমখন তেওঁলোকে গ্ৰাস কৰিলে। আগন্তুক দিনত নামনি অসম বা উত্তৰ অসমত কেইটা চীট গ্ৰাস কৰিব পৰা যায় তাৰ পৰিকল্পনা তেওঁলোকে কৰিব। কাৰণ, এয়া আজিৰ আক্ৰমণ নহয়, এই ৰাজনৈতিক আক্ৰমণ নিৰলসভাৱে চলি আহিছে।”—দাসে এনেদৰে মত প্ৰকাশ কৰে।

RELATED ARTICLES