peepl-small

অজিত ভূঞাই নিজে নিজৰ সন্মান নষ্ট কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ অজিত ভূঞা, ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলক তীব্ৰ আক্ৰমণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অজিত ভূঞাই নিজে নিজৰ সন্মান নষ্ট কৰা বুলি মত প্ৰকাশ কৰি মন্ত্ৰী ড০ শৰ্মাই প্ৰশ্ন কৰে যে ভূঞাক নিৰ্বাচনত বিজেপিক হৰুৱাৰ ঠিকা কোনে দিলে।

আনহাতে ৰিপুণ বৰাই অপৰিপক্ক বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ বছৰৰ ৰাজনৈতিক অভিজ্ঞতাৰ পাছত এনেধৰণৰ মন্তব্যৰ গুৰুত্ব নাই।

“বিজেপিক হৰুওৱাৰ ঠিকাটো অসমৰ মানুহে তেওঁৰ (অজিত ভূঞা) ওপৰত ন্যস্ত কৰিছে নেকি? অবাবত নিজৰ সন্মান আৰু সময় নষ্ট কৰি আছে তেওঁ। অজিত ভূঞাই কিবা এটা ক’ব, দুদিন পিছত ৰিপুণ বৰাই সেইটো সমৰ্থন কৰিব আৰু তিনিদিন পিছত আজমলেও সমৰ্থন কৰিব।”—শনিবাৰে বাইহাটা চাৰিআলিত এনেদৰে মন্তব্য কৰে ড০ শৰ্মাই।

আনহাতে দুদিন পাছত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ দাবীও ত্যাগ কৰিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

ইমানদিনে আজমলে পাকিস্তান মুৰ্দাবাদ বুলি কোৱা নাছিল যদিও শেহতীয়াকৈ পাকিস্তান মুৰ্দাবাদ দিবলৈ বাধ্য হোৱা বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।     

RELATED ARTICLES