peepl-small

ভেকচিন নিদিলে বিমান নচলায় এয়াৰ ইণ্ডিয়াৰ বৈমানিকে

PUBLISHED:

গুৱাহাটী: বিমানসেৱাত জড়িত কর্মচাৰীক ক’ভিড–১৯ ভেকচিন প্রদানত প্রাধান্য নিদিলে এয়াৰ ইণ্ডিয়াৰ বৈমানিক–কর্মচাৰীয় তেওঁলোকৰ সেৱা আগ নবঢ়ায় বুলি সকীয়নি দিছে এয়াৰ ইণ্ডিয়া পাইলট ইউনিয়নে (আইচিপিএ)৷

বৈমানিক সংস্থাটোৱে এয়াৰ ইণ্ডিয়াৰ ডিৰেক্টৰ অৱ অপাৰেচনছ আৰ এছ সান্ধুলৈ এক পত্রযোগে দেশজুৰি বিমানসেৱাসমূহে টিকাকৰণ শিবিৰ স্থাপন কৰি যদি বিমান পৰিচালনাত জড়িত ব্যক্তিসকলক শীঘ্রেই ক’ভিড–১৯ ভেকচিন প্রদান নকৰে, তেতিয়াহ’লে তেওঁলোকে সেৱা আগ নবঢ়ায় বুলি সকীয়নি দিছে৷

পত্রত উল্লেখ কৰা মতে, বিমানত জড়িত কর্মচাৰীৰ স্বাস্থ্য সেৱাৰ সমর্থনক কোনো বীমা নথকাৰ লগতে দৰমহা কর্তনৰ লেখিয়া পৰিস্থিতি সৃষ্টি হোৱাৰ সময়তো টিকাকৰণ নকৰিলে কর্মচাৰীসকলে সেৱা আগ নবঢ়ায়৷

RELATED ARTICLES