peepl-small

এইমছৰ অ’পিডিৰ মূল ভৱনৰ কাম সম্পূর্ণঃ কাইলৈ অগ্রগতিৰ বুজ ল’বলৈ চাংসাৰিত মুখ্যমন্ত্রী শর্মা

PUBLISHED:

গুৱাহাটী:   অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বহু প্রত্যাশিত আশাৰ সঞ্জীৱনী এইমছৰ অ’পিডিসহ ৩২টাকৈ ব্লক তথা কেইবামহলাৰ আৰ চি চি বিল্ডিঙৰ কাম সম্পূর্ণ হৈ উঠিছে৷ এতিয়া শেষ পর্যায়ৰ প্রতিটো বিভাগীয় কাম পূর্ণগতিত চলাই থকা হৈছে৷

অৱশ্যে এইমছৰ আটাইতকৈ বৃহৎ পৰিসৰৰ আই পি ডি বিভাগৰ কনষ্ট্রাকচনৰ কাম এতিয়ালৈকে ৩০–৩৫ শতাংশ সমাপন হৈছে যদিও বাকী অংশ কম দিনৰ ভিতৰতে সম্পূর্ণ হোৱাৰ আশা কৰা হৈছে৷ মুঠৰ ওপৰত সকলো ঠিকে–ঠাকে থাকিলে ২০২২ চনৰ শেষৰফালে ৰাজ্য তথা উত্তৰ–পূর্বাঞ্চলবাস্ লাভ কৰিব এইমছৰ দৰে উন্নত চিকিৎসালয়খন৷

ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৭ জুলাইত এইমছৰ অগ্রগতি সম্পর্কে বুজ ল’বলৈ চাংসাৰিৰ এইমছৰ ভূমিত পদার্পণ কৰিব৷ ইতিমধ্যে মুখ্যমন্ত্রীগৰাকীৰ আগমনক লৈ চাংসাৰিত আৰক্ষী–প্রশাসনৰ তৎপৰতা পৰিলক্ষিত হৈছে৷

RELATED ARTICLES