peepl-small

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ আঠ প্ৰাৰ্থীক ভোটদানৰ আহ্বান অগপৰ

PUBLISHED:

গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো এটা দিন। প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধত অৱতীৰ্ণ অসম গণ পৰিষদৰ (অগপ) আঠগৰাকী প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনাইছে দলটোৱে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে অতুল বৰা (বোকাখাত),কেশৱ মহন্ত (কলিয়াবৰ), ৰেণুপমা ৰাজখোৱা (টীয়ক), প্ৰদীপ হাজৰিকা (আমগুৰি), পোনাকণ বৰুৱা (চাবুৱা), ভবেন্দ্ৰনাথ ভৰালী (দেৰগাঁও),জয়ন্ত খাউণ্ড (নাওবৈচা) আৰু পৃথ্বিৰাজ ৰাভাই (তেজপুৰ)।

ফেচবুকত এক পোষ্টৰ জৰিয়তে অগপই এনেদৰে আহ্বান জনাইছে-“জাতীয়তাবাদত বিশ্বাসী ৰাইজে আমাৰ প্ৰাৰ্থীক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপেই আদৰি ল’লে। তাৰ উদাহৰণ নিৰ্বাচনী সভাসমূহত ৰাইজৰ অভাৱনীয় উপস্থিতি। অসমৰ ৰাইজৰ ওচৰত আমি কৃতজ্ঞ। আমি অভিভূত।

এতিয়া আমাৰ কৰিবলগা একো নাই। ইমানদিনে আমাৰ কৰ্ম আমাৰ সংকল্প আপোনালোকে দেখিলে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। অসমৰ ৰাইজক এই মূহূৰ্তত আমি কেৱল এয়াই ক’ম, আপোনালোকে বিগত সময়বোৰৰ দৰে আমাৰ কাষত সাহস হৈ থিয় দিয়ক।
আপোনালোকৰ ভোটেই আমাৰ প্ৰতিজন প্ৰাৰ্থীৰ লগতে মিত্ৰজোঁটৰ জৰিয়তে অসমত জাতীয়তাবাদৰ ভৱিষ্যতো নিৰ্ধাৰণ কৰিব। মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক আৰু অসমৰ ভৱিষ্যত সুৰক্ষিত কৰক।”

ফেচবুক পোষ্টত দলটোৱে বিজেপিৰ সৈতে কৰা মিত্ৰতাক সময়ৰ আহ্বান বুলি দাবী কৰে।

“মিত্ৰতা লৈ অসমৰ ৰাইজ প্ৰথমে ক্ষুন্ন হৈছিল, কিন্তু মিত্ৰতা আমাৰ বাবে সময়ৰ আহ্বান। ইতিহাসে বহু জাতীয়তাবাদত বিশ্বাসী দলৰ কথা কয় যি জনতাৰ স্বাৰ্থত শাসনাধিষ্ঠ চৰকাৰৰ সৈতে মিত্ৰতাৰ ৰাজনীতিত বিশ্বাস কৰি আগবাঢ়িছে।
অৱশ্যে বিগত সময়ত অসমৰ ৰাইজে আমাক মিত্ৰজোঁটৰ সহযোগী হিচাপে আন্তৰিকতাৰে আদৰি ল’লে। বিৰোধী পক্ষ হৈ থকাতকৈ চৰকাৰৰ সহযোগত কাম কৰাৰ সুবিধাৰ কথা অসমৰ ৰাইজে জানে।”- এনেদৰে উল্লেখ কৰিছে অগপই।

RELATED ARTICLES