peepl-small

কিয় ভাগিল আমিৰ খান-কিৰণ ৰাৱৰ ১৫ বছৰীয়া সংসাৰ?

PUBLISHED:

গুৱাহাটীঃ অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে আজি এক যুটীয়া বিবৃতিত বিবাহৰ ১৫ বছৰৰ পিছত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে।

তেওঁলোকে এই সন্দৰ্ভত কয়, “আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো। এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহ পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে।”

উল্লেখ্য যে আমিৰ খানে ২০০২ চনত প্ৰথম পত্নী ৰীনা দত্তৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। তাৰপাছত ‘লগন’ ছবিৰ ছেটত কিৰণ ৰাওৰ সৈতে পৰিচয় হয় আমিৰৰ। দীৰ্ঘদিন ধৰি লিভ-ইন সম্পৰ্কত থকাৰ পিছত আমিৰে ২০০৫ চনত কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ২০১১ চনত তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ জন্ম হয়।

RELATED ARTICLES