peepl-small

ছিপাঝাৰত এখন বিয়াৰ বাবে ক’ভিডৰ গণ সংক্ৰমণ

PUBLISHED:

গুৱাহাটীঃ ছিপাঝাৰৰ এখন বিয়াৰ ফলতেই সৃষ্টি হৈছে ক’ভিডৰ ব্যাপক গণ সংক্ৰমণ। বিগত ২ ব’হাগত ছিপাঝাৰৰ হাজৰিকাপাৰাৰ বৰুৱা চুবুৰীৰ এটা পৰিয়ালত অনুষ্ঠিত হৈছিল বিবাহ অনুষ্ঠান। বিবাহৰ পাছতে ব্যাপক হাৰত ক’ভিডৰ গণ সংক্ৰমণ ঘটিছে অঞ্চলটোত।

এই পৰ্যন্ত বিয়া খাই বিশজন লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্ৰান্ত লোকসকলৰ ঘৰসমূহ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। আনহাতে, ক’ভিড সংক্ৰমণৰ আশংকাত ১৩ ব’হাগত অনুষ্ঠিত হ’বলগীয়া ছিপাঝাৰৰ আন এখন বিয়া বাতিল কৰা হৈছে।

RELATED ARTICLES