peepl-small

১৪ মৌলবাদী সংগঠনে গঠন কৰিছিল ইউডিএফঃ মুখ্যমন্ত্রী

PUBLISHED:

গুৱাহাটী: ‘অসমক ভাৰতবর্ষৰ বুকুত আত্মনির্ভৰশীল ৰূপত প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে এইবাৰ নির্বাচনত বিজেপি মিত্রজোঁট অৱতীর্ণ হৈছে৷ সেয়েহে আত্মনির্ভৰশীল আৰু বিকশিত অসম গঢ়াৰ স্বার্থতে বিজেপি–অগপ মিত্রজোঁটৰ চৰকাৰ গঠন কৰিব লাগিব৷ স্বর্গদেড চাওলুং চুকাফাৰ আদর্শৰে অসমত এখন শক্তিশালী সমাজ গঠন কৰিব লাগিব আৰু ভাৰতত এই সমাজ প্রতিষ্ঠা কৰিব লাগিব৷ আস্থা আৰু বিশ্বাসেৰে উন্নয়ন ত্বৰান্বিত কৰি অসমক কংগ্রেছৰ নিকৃষ্ট ৰাজনীতিৰ পৰা ৰক্ষা কৰিব লাগিব৷’

মঙলবাৰে গোলাঘাট বিধানসভা সমষ্টিৰ ফৰকাটিঙত বিজেপি প্রার্থী অজন্তা নেওগৰ সপক্ষে নির্বাচনী প্রচাৰ চলাবলৈ আহি এনেদৰে কয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ নাতি–দীর্ঘ ভাষণ প্রসংগত তেওঁ কয় যে বিজেপিয়ে সকলো জাতি–জনগোষ্ঠীক মর্যাদা দিছে৷ বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছতে অসমৰ শাসন ব্যৱস্থাত মূল্যবোধ প্রতিষ্ঠা হ’ল৷ দুন্তি মষিমূৰ কৰাৰ বাবে চৰকাৰে নিৰন্তৰ অভিযান চলালে৷ নিযুক্তি ব্যৱস্থা নিকা আৰু স্বচ্ছ হ’ল৷ চাহ শ্রমিকসকলক কংগ্রেছে সম্পূর্ণৰূপে অৱহেলা কৰি আহিছিল৷ বিজেপিয়ে দৃঢ়তাৰে বহুতো আঁচনি গ্রহণ কৰি চাহ শ্রমিকসকলক বিকাশত গুৰুত্ব দিলে৷ আজি অসমৰ কৃষকে মান–সন্মান লাভ কৰিছে, কৃষকৰ ফচল বহিঃৰাষ্ট্রলৈ ৰপ্তানি হৈছে৷ কংগ্রেছে অবৈধ বিদেশীক ভূমি প্রদানেৰে অসমীয়াক অন্ধকাৰলৈ ঠেলি দিছিল৷ কংগ্রেছৰ প্রতিশ্রুতি মানে কেৱল প্রতাৰণা৷ বিজেপিৰ প্রতিশ্রুতি মানে বিকাশ আৰু ডন্নয়ন৷ অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ প্রতিগৰাকী প্রবাদ পুৰুষক সন্মান জনাই বিজেপি চৰকাৰে অনুষ্ঠান অনুষ্ঠিত কৰাই নহয়, তেওঁলোকৰ নামত বঁটা প্রদান কৰি মর্যাদা প্রদান কৰিলে৷

আনহাতে আই এম ডি টি আইন বাতিলৰ পিছত ১৪টা মৌলবাদী সংগঠনে একেলগে এআইইডডিএফ গঠন কৰিছিল৷ বদৰুদ্দিন আজমলৰ এআইইডডিএফ দলৰ প্রধান লক্ষ্য অসমত বাংলাদেশীৰ সুৰক্ষা৷ তেনে দলৰ লগত মিত্রতা কৰি কংগ্রেছে অসমীয়াৰ স্বাভিমানক আঘাত কৰিছে৷ গতিকে অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবেই কংগ্রেছ–এআইইডডিএফ প্রত্যাখ্যান কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে৷ আজিৰ বক্তব্যৰ মাজতে তেওঁ গোলাঘাট সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী অজন্তা নেওগক কিমান ভোটত জয়ী কৰাব বুলি ৰাইজক প্রশ্ণ কৰাত ৰাইজৰ ডত্তৰত আশ্বস্ত হৈ ৰাজহুৱাভাৱে প্রার্থীগৰাকীক গামোচা পিন্ধাই নেওগৰ বিজয় নিশ্চিত বুলি ঘোষণা কৰে৷ বিজেপিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাস আৰু ৰাজশ্রী বৰাই আঁত ধৰা নির্বাচনী সভাত অংশগ্রহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয় যে ৰাইজৰ অভূতপূর্ব সঁহাৰিয়ে স্পষ্ট কৰি দিছে যে এইবাৰো অসমত বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন হ’ব৷ গোলাঘাট জিলাৰ প্রতিটো বিধানসভা সমষ্টিৰ ৰাইজে মিত্রজোঁটৰ প্রার্থীসকলক জয়ী কৰাব বুলিও তেওঁ মন্তব্য কৰে৷

আনহাতে কংগ্রেছক কটাক্ষ কৰি অগপৰ সভাপতিজনে কয় যে বদৰুদ্দিন আজমলৰ লগত কংগ্রেছৰ মিত্রতাক ৰাইজে সহজভাৱে লোৱা নাই৷ বদৰুদ্দিন আজমলৰে কংগ্রেছৰ এনে বিবাহপাশক ৰাইজে স্বীকৃতি নিদিয়ে৷ যদি সাহস আছে ন–কইনা আজমলক লৈ কংগ্রেছ সভাপতি ৰিপুণ বৰাই ডজনি অসমত প্রচাৰ চলাওক বুলিও অতুল বৰাই প্রত্যাহ্বান জনায়৷ তেওঁ বক্তব্য প্রসংগত বিজেপি মিত্রজোঁটৰ চৰকাৰে গ্রহণ কৰা ডন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে প্রকাশ কৰাৰ লগতে খুমটাইত আন্তঃৰাষ্ট্রীয় সাঁচি গৱেষণা কেন্দ্রৰ নির্মাণ, সতী সাধনীৰ নামত বিশ্ববিদ্যালয় নির্মাণৰ আঁচনি, নুমলীগড শোধনাগাৰৰ সম্প্রসাৰণৰ বাবে ২২,০০০ কোটি টকাৰ আবণ্টন আদি বিজেপি চৰকাৰৰ সদিচ্ছাৰ বাবেই সম্ভৱ হৈছে বুলি ডল্লেখ কৰে৷ সভাত বিজেপিৰ প্রাক্তন জিলা সভাপতি দেৱজিৎ বৰা, হিমাচল প্রদেশৰ ৰাজ্যসভাৰ সাংসদ ইন্দুবালা গোস্বামী, প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী অপৰাজিতা বৰা, অগপৰ ডপ–সভাপতি ড০ নৃপেন বৰুৱা, প্রাক্তন বিধায়িকা সুশীলা হাজৰিকা আদিয়ে বক্তব্য প্রদান কৰাৰ লগতে বিজেপিৰ জিলা সভাপতি দেৱপ্রদীপ বৰা, প্রাক্তন সভাপতি তিলেশ্বৰ শইকীয়া, অসম ক্রিকেট সন্থাৰ ডপ–সভাপতি পৰীক্ষিত দত্ত, ৰাজ্যিক সদস্য যতীন বৰা, জীনা বৰুৱা, জয়ন্ত গোস্বামী আদি ডপস্থিত থাকে৷

বিজেপি চৰকাৰ থকালৈকে অসমৰ ৰাইজ সুৰক্ষিত হৈ থাকিবঃ কলিয়াবৰত মুখ্যমন্ত্রী মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বার্তা, কলিয়াবৰ, চামগুৰি ঃ ‘ভাৰতীয় জনতা পার্টীৰ চৰকাৰ থকালৈকে অসমৰ ৰাইজ তথা চাহ বাগিচাৰ লোকসকল সুৰক্ষিত হৈ থাকিব৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্রতিটো জাতিক সুৰক্ষা আৰু মর্যাদা–সন্মান দিছে৷ আমাৰ চৰকাৰে চাহ বাগিচাৰ লোকসকলক ২,৫০০ টকাকৈ মুঠ ৮,০০০ হাজাৰ টকা একাউণ্টত দিলে৷ এইবাৰ পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’লে চাহ বাগিচাৰ লোকসকলৰ একাউণ্টত মুঠ ১২,০০০ হাজাৰ টকাকৈ দিয়া হ’ব৷’ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ কলিয়াবৰ বিধানসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী তথা মন্ত্রী কেশৱ মহন্তৰ হৈ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ অন্তর্গত শালনাৰ সামূহিক শ্রমিক কল্যাণ মঞ্চৰ খেলপথাৰত আজি অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয় যে প্রিয়ংকা গান্ধীয়ে অসমলৈ আহি চাহপাত তুলি নাটক কৰিলে৷ কংগ্রেছে ৬০ বছৰে চাহ বাগিচা অঞ্চলত একো নকৰিলে৷ চাহ শ্রমিকৰ মজুৰি ৮০ টকা বৃদ্ধি কেৱল বিজেপি চৰকাৰৰ দিনতহে কৰা হ’ল৷ ৰাহুল গান্ধীয়ে কংগ্রেছ চৰকাৰ হ’লে ৬ ঘণ্টাত মজুৰি বৃদ্ধি কৰাৰ মিছা প্রতিশ্রুতি দিছে৷ বিজেপি চৰকাৰখনৰ দিনত চাহ জনজাতীয় বিশিষ্ট লোকসকলক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হ’ল বুলি মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰাৰ লগতে এইবাৰ নির্বাচনত কেশৱ মহন্তক বিপুল ভোটত জয়ী কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷

বটদ্রৱাত আঙুৰলতাৰ বিশাল নির্বাচনী সভাত মুখ্যমন্ত্রী সোণোৱালঃ কংগ্রেছ ইতিমধ্যে ধৰাশায়ী হৈছে

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে বটদ্রৱা আৰু ধিং সমষ্টিৰ বিজেপিৰ প্রার্থী আঙুৰলতা ডেকা আৰু সঞ্জীৱ বৰাৰ হৈ ধিঙত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি কয়– ‘কংগ্রেছ ইতিমধ্যে ধৰাশায়ী হৈছে৷ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম, বিভিন্ন জাতি–জনগোষ্ঠীয়ে গঢ় দিয়া এইখন বৃহত্তৰ অসমৰ আটাইতকৈ সন্মানিত তথা গুৰুজনাৰ জন্মস্থান বটদ্রৱা সমষ্টি৷’ মুখ্যমন্ত্রীয়ে কয় যে কংগ্রেছৰ শাসনত ভাষা, ধর্ম আৰু সম্প্রদায়ৰ নামত সংঘাত সৃষ্টি কৰাৰ ফলত বহু নিৰীহ লোকৰ মৃত্যু হৈছিল, দুর্নীতি আৰু অপশাসনৰ বাবে অসমৰ ৰাইজ কোঙা হৈ পৰিছিল৷ কংগ্রেছৰ কার্যকালত জনসাধাৰণে নিজৰ প্রাপ্য অধিকাৰ কিনিবলগীয়া হৈছিল৷ কিন্তু ২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত সেই অৰাজক পৰিস্থিতি শেষ কৰি অসমৰ বুকুত শান্তি–সমন্বয়, ভাতৃত্ববোধ প্রতিষ্ঠা কৰাৰ লগতে দুর্নীতি আৰু অনিয়ম নিৰাময়ৰ ব্যৱস্থা কৰাৰ ফলত এতিয়া অসমত নিকা প্রশাসনৰ ফল জনসাধাৰণে লাভ কৰিছে৷ আমাৰ চৰকাৰে বিগত সময়ছোৱাত দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদমুক্ত, প্রদূষণমুক্ত আৰু বিকশিত অসম গঢ়াৰ লক্ষ্যৰে কাম কৰি আহিছে৷ যাৰ বাবে অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পার্টীক পুনৰ শাসনৰ ক্ষমতালৈ অনাৰ বাবে ইতিমধ্যে সংকল্প লৈছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ সভাত বিজেপি প্রার্থী আঙুৰলতাই কয় যে বটদ্রৱাৰ ভূমিত গুৰুজনাৰ স্মৃতি যাউতিযুগীয়া কৰি ৰখাৰ বাবে গ্রহণ অভিলাষী প্রকল্প গ্রহণ কৰাটো ডাঙৰ সফলতা৷ আগন্তুক পাঁচ বছৰত সমষ্টিটোৰ নিবনুৱাসকলক সংস্থাপনৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিম৷

বগীনদীত নির্বাচনী প্রচাৰ মুখ্যমন্ত্রী সোণোৱাল–ৰঞ্জিত দাসৰ

বগীনদীৰ গজাই মনাই ক্ষেত্রত ঢ়কুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী তথা মন্ত্রী নৱ কুমাৰ দলেৰ হৈ নির্বাচনী প্রচাৰ চলালে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই৷ পূর্বৰ ভ্রমণসূচী সলনি কৰি আজি কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজু, কৃষিমন্ত্রী অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৰ সলনি বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অস্থায়ীভাৱে নির্মাণ কৰা হেলিপেডত হেলিকপ্ঢাৰেৰে অৱতৰণ কৰি নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্রীৰ পূর্বে বিয়লি তিনি বজাত উপস্থিত হোৱা ৰাজ্যিক সভাপতিগৰাকীয়ে নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি মিত্রজোঁটৰ ৰাজ্য চৰকাৰে বিগত পাঁচটা বছৰে কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে যদিহে পুনৰ অসমত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন হয়, তেন্তে অৰুণোদয় আঁচনিত মহিলাসকলক প্রদান কৰা ৮৩০ টকাৰ পৰিৱর্তে অহা বছৰ নতুনকৈ ২০ হাজাৰ মহিলাক তিনি হাজাৰ টকাকৈ অৰুণোদয় আঁচনি প্রদান কৰাৰ লগতে ৰাজ্যৰ ২ লাখ নিবনুৱাক চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ডত বছৰি নিযুক্তি দিয়াৰ ঘোষণা কৰে৷ ইয়াৰ পিছতেই নির্বাচনী সভাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্রী সোণোৱালে নির্বাচনী ভাষণত বিৰোধী মহাজোঁটৰ কংগ্রেছ আৰু ইডিএফপ্রধান বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্রেছক বদন আখ্যা দিয়ে৷ প্রায় পোন্ধৰ মিনিটজোৰা মুখ্যমন্ত্রীৰ নির্বাচনী ভাষণত বিজেপিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে নির্বাচনী প্রচাৰ সভাত সমৱেত হোৱা পাঁচ সহস্রাধিক লোকৰ পৰা সমাগত বিধানসভা নির্বাচনত ঢ়কুৱাখনাৰ বিজেপি মিত্রজোঁটৰ প্রার্থী নৱ কুমাৰ দলেক জিকাই নিয়াৰ প্রতিশ্রুতি লয়৷

RELATED ARTICLES