peepl-small

টিকটৰ পৰা বঞ্চিত হৈ BJP দল ত্যাগৰ সিদ্ধান্ত শিলাদিত্য দেৱৰ !

PUBLISHED:

গুৱাহাটী:  “মই হিন্দুত্ববাদৰ কথা কোৱাৰ বাবে, তেওঁলোকে মোক পলিটিকেল হত্যা কৰিছে, গলত ধৰি দলৰ পৰা গতিয়াই দিছে।”– আজি এনেদৰেই বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শিলাদিত্য দেৱে।

আজি গধূলি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত গৈ ত্যাগ পত্ৰ দিয়াৰ কথা উল্লেখ কৰি দল ত্যাগৰ সিদ্ধান্ত শিলাদিত্য দেৱৰ। আজি সংবাদ মাধ্যমৰ আগত টিকট বঞ্চিত শিলাদিত্য দেৱে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।

লগতে বৃহস্পতিবাৰৰ দিনটোৰ পৰা নতুন যাত্ৰাৰ আৰম্ভণি হ’ব বুলিও উল্লেখ কৰে শিলাদিত্যই।

ইপিনে সাংবাদিকে আন দলত যোগদানৰ বাবে কোনোবা দলৰ সৈতে যোগাযোগ ৰাখিছে নেকি বুলি সোধা প্ৰশ্নত শিলাদিত্য দেৱে কয়, “এতিয়াই মই এই বিষয়ে একো উল্লেখ নকৰো। প্ৰথমে আজি ত্যাগ পত্ৰ দি লও, তাৰপাছত পৰৱৰ্তী সিদ্ধান্তৰ কথা নিশ্চয় সংবাদ মাধ্যমক অৱজ্ঞত কৰিম বুলিও কয়। আজি ৰাতিৰ পৰা মই এজন মুক্ত মানুহ। মোক যিসকল লোকে আশীৰ্বাদ কৰিছে, মৰম কৰিছে আৰু হোজাইবাসীৰ যি আস্থা সেই লৈয়ে পৰৱৰ্তী সময়ত আগবাঢ়ি যাম।”

ইপিনে বিজেপি দল এতিয়া লাল কিষ্ণ আদৱানী, অতল বিহাৰী বাজপায়ীৰ আদৰ্শত চলা দল নহয়, এতিয়া তেওঁলোক কমাৰ্চিয়েল পাৰ্টী বুলিও কটাক্ষ কৰে শিলাদিত্য দেৱে।

RELATED ARTICLES