গুৱাহাটী: তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত ১নং আলুবাৰীৰ ৰাজখোৱা পথাৰত প্রথমবাৰৰ বাবে প্রথম বার্ষিক ভোগালী উৎসৱ–২০২১ উদযাপনৰ ব্যাপক প্রস্তুতি চলোৱা হৈছে৷ অসমীয়া জাতিৰ হিয়াৰ আমঠু জাতীয় উৎসৱ বিহুৱে অসমীয়া জাতিক বিশ্বদৰবাৰত এক স্বকীয় পৰিচয় প্রদান কৰাই নহয় সম্প্রীতি আৰু ভাতৃত্বৰ এনাজৰীৰে অসমীয়া জাতীয় সত্তাক জীয়াই ৰাখিছে৷
বিভিন্ন জাতীয়–জনগোষ্ঠীৰ সমন্বয়ৰ স্থলী মার্ঘেৰিটাৰ বিভিন্ন জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলো একগোট হৈ ভোগালী বিহুটি ১৩ আৰু ১৪ জানুৱাৰীত বর্ণাঢ্য কার্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মার্ঘেৰিটাৰ মহকুমাধিপতি পৱিত্র কুমাৰ দাসে ১৩ জানুৱাৰীৰ পুৱা ৭ বজাত ভোগালী উৎসৱস্থলীৰ নামঘৰৰ দ্বাৰ মুকলি কৰাৰ পিছতে ১০.৩০ বজাত ভোগালী উৎসৱ উদ্বোধন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
পুৱা ১১ বজাত অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰাৰ লগতে জনগোষ্ঠীয় কুটীৰ উদ্বোধন কৰিব বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই৷
আত্মসহায়ক গোটসমূহৰ দ্বাৰা তৈয়াৰী বিভিন্ন সামগ্রীৰ প্রতিযোগিতা তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই উদ্বোধন কৰা অনুষ্ঠানত ১২.৩০ বজাত সমাজৰ বিভিন্ন ক্ষেত্রলৈ বিশেষভাৱে অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বর্ধনা জ্ঞাপন কৰিব৷
সম্বর্ধনা অনুষ্ঠানত সাহিত্য অকাডেমি বঁঁটাপ্রাপক ৰীতা চৌধুৰী, জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটা আৰু ডিব্রুগড বিশ্ববিদ্যালয়ৰ অধ্যাপক সুৰজিৎ বৰকটকী উপস্থিত থাকিব৷ তিনিচুকীয়া জিলাৰ উপায়ুক্ত দিগন্ত শইকীয়াই ভোগালীৰ এসাঁজ অনুষ্ঠান মুকলি কৰাৰ পিছতে ৩ বজাত আমন্ত্রিত শিল্পী দেৱজিৎ বৰা আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷
উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব ডিগবৈ বন সংমণ্ডল প্রাধিকাৰী চি চি ৰঞ্জিথ ৰামে৷ বিয়লি ৪ বজাত ধেমাজি কেন্দ্রীয় হৰিনাম দলৰ দ্বাৰা দিহানাম পৰিৱেশনৰ পিছতে ৭ বজাত গীতে–মাতে ভেলাঘৰৰ এনিশা অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রী ৰামেশ্বৰ তেলী আৰু মার্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মাই৷
উক্ত দিনা বিশিষ্ট গায়ক জুবিন গার্গ, জুবলীৰ লগতে বেহাৰবাৰী খ্যাত কে কে মোহনৰ উপস্থিতি হ’ব অন্যতম আকর্ষণীয়৷ আনহাতে ১৪ জানুৱাৰীৰ পুৱা ৬ বজাত মেজি প্রজ্বলন, ভোগালী জলপানৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰিব৷