peepl-small

ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণ

PUBLISHED:

মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফলমূলে অধিকাৰ কৰি আছে৷ দৈনন্দিন খাদ্য তালিকাত ফলমূলৰ বাবে এটা সুকীয়া স্থান সকলোৱে ৰাখে৷ ফলমূলৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্রয়োজন নাই৷ ফলমূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ৷ বহুতে অৱশ্যে ফুলগছক পুষ্টি যোগাবলৈ গছৰ গুৰিৰ মাটিত বাকলিবোৰ মিহলি কৰি দিয়ে৷ কিন্তু আমি বহুতে নাজানো যে ফলৰ এই বাকলিবোৰত এনে কিছুমান উপাদান নিহিত হৈ থাকে, যাক ছাল–চুলিৰ সৌন্দর্য ৰক্ষাত নিঃসংকোচে ব্যৱহাৰ কৰিব পাৰি৷ যাৰ বাবে বজাৰৰ পৰা অতি উৎকৃষ্টমানৰ বুলি ক্রয় কৰি অনা ব্যয়বহুল প্রসাধন সামগ্রীসমূহৰ পার্শ্বক্রিয়াৰ পৰা ছাল–চুলিক ৰক্ষা কৰিবলৈ আমি সক্ষম হব পাৰোঁ৷

আহকচোন, ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণৰ বিষয়ে আজি আলোচনা কৰোঁ৷

আম: আলোচনাৰ বাবে প্রথমে ফলৰ ৰজাকে বাছনি কৰিছোঁ৷ আমৰ ৰাজকীয় ৰং, গোন্ধ, সোৱাদ, মাখনকোমল শাহ আৰু উপকাৰিতাৰ উপৰি ইয়াৰ বাকলিত মিহলি হৈ আছে নানানটা গুণ৷ বাকলিটো গুচাই মুখমণ্ডলত আলফুলে ঘঁহি পোন্ধৰ বিশ মিনিটৰ পিছত ধুব৷

১ আমৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা কিিয়াই আনে৷

২ ছালৰ বলিৰেখা আৰু এক্নিৰ সমস্যা দূৰ কৰে৷

৩ আমৰ বাকলিৰ পেষ্ট চুলিত ঘঁহি আধা ঘণ্ঢামানৰ পিছত ধুব৷ ই চুলিৰ উফি দূৰ কৰে আৰু চুলি চিকচিকিয়া কৰি তোলে৷

৪ আমৰ বাকলিৰ পেষ্টৰ লগত সামান্য দৈ আৰু কণীৰ কুহুম মিহলাই সানিলে ই কণ্ডিচনাৰৰ কাম কৰে৷

কল: কলৰ বাকলি মুখমণ্ডলত ঘঁহি অলপ দেৰি পিছত ধুই দিব৷

১ ছালৰ বলিৰেখা আৰু শালমইনা দূৰ হব৷

২ চকুৰ চাৰিওকাষৰ কলা দাগ আৰু চকু ফুলাৰ সমস্যাও ই লাঘৱ কৰে৷ তাৰ বাবে কলৰ বাকলি চকুৰ পতা আৰু চাৰিওকাষে আলফুলে ঘঁহি অলপ সময় ৰাখি ধুব৷

৩ মহে কামোৰা ঠাইত কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়৷

৪ কলৰ বাকলি নিতৌ এক মিনিটৰ বাবে দাঁতত ঘঁহি ৰাখিব৷ এসপ্তাহৰ পিছতে দাঁতৰ উজ্জ্বলতা চকুত পৰিব৷

আপেল: আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই দিব৷

১ ছালৰ অতিৰিক্ত তেল নিয়ন্ত্রণ কৰাত সহায় কৰে আৰু শালমইনা দূৰ কৰে৷

২ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে৷

৩ ছালৰ কলা দাগ আৰু এক্নি নির্মূলত সহায় কৰে৷

৪ আপেলৰ বাকলিয়ে প্রাকৃতিক টনাৰৰ কাম কৰে৷

৫ ছালৰ আর্দ্রতা বজাই ৰাখে৷

৬ এই পেষ্টটোৱে ছাল পৰিষ্কাৰ কৰি ছালৰ ৰং উজ্জ্বল কৰি তোলে৷

কমলা: শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানেৰে ভৰপূৰ৷

১ কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে৷

২ ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়৷

৩ কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে৷

৪ বাকলিৰ মেগনেচিয়ামে ছালৰ সুস্বাস্থ্য আৰু যৌৱন ধৰি ৰাখে৷

৫ ভিটামিন চি–এ এক্নিৰ বিৰুদ্ধে যুঁজাত ছালক সহায় কৰে৷

৬ কমলাৰ বাকলিৰ গুডি এচামুচ, চেনিৰ গুডি এচামুচ, আধা চামুচ আমণ্ড অইল আৰু দুটোপাল ভিটামিন ই অইল মিহলাই ঘৰতে এটা উৎকৃষ্টমানৰ সুগন্ধিত লিপ বাম তৈয়াৰ কৰি লব পাৰে৷

আনাৰস: আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব৷

১ আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাব বজাই ৰখাত সহায় কৰে৷

২ ছালৰ এক্নি আৰু শালমইনা দূৰ কৰাত সহায় কৰে৷

৩ ছালৰ পোৰণি হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়৷

তৰমুজ: গ্রীষ্মকালীন ফল হিচাপে তৰমুজৰ যথেষ্ট সমাদৰ আছে৷ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্রীজত ৰাখি আলফুলে মুখমণ্ডলত ঘঁহি চাবচোন, ই ছালখনলৈ তৎক্ষণাৎ সজীৱতা কিিয়াই আনিব৷

১ ধূলি আৰু প্রদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়ে৷ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে৷

২ ছালৰ বলিৰেখা, কলা চোম আৰু কলা দাগ নির্মূল কৰে৷

৩ তৰমুজৰ বাকলি অলপমান, এডোখৰ নেমু আৰু সৰু এডোখৰ আদা আধা লিটাৰ পানীত ডুবাই ৰাখিব৷ ফ্রীজতো ৰাখিব পাৰে৷ কেইঘণ্ঢামান এনেকৈ থৈ দিয়াৰ পিছত তৈয়াৰ হৈ গল আপোনাৰ বাবে একপ্রকাৰৰ ইনফিউজ্ড ৱাটাৰ৷ এই পানীয়ৰ সেৱনে গৰমত গা জুৰ পেলোৱা, শৰীৰৰ আর্দ্রতা ৰক্ষা কৰা আৰু শৰীৰৰ অতিৰিক্ত ওজন হ্রাস হোৱাত সহায় কৰে৷

ফলমূলৰ বাকলিবোৰ সৰু সৰুকৈ কাটি ৰদত ভালকৈ শুকুৱাই গুডি কৰি শুকান বটলত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে৷

গতিকে আজিৰ পৰা এই ফলমূলৰ বাকলিবোৰ পেলাই দিয়াৰ সলনি সৌন্দর্য চর্চাৰ বাবে ব্যৱহাৰ কৰি চাওকচোন৷ কেইসপ্তাহমানৰ পিছতে আপুনি দেখা পাব, কেনেদৰে ই এক‘game changer’ হৈ আপোনাৰ ছাল–চুলিৰ ৰূপৰ পৰিৱর্তন সাধন কৰিছে৷

RELATED ARTICLES